৩ দিনৰ অন্তত উদ্ধাৰ ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হোৱা শ্ৰমিৰ শ্বাহৰুখৰ মৃতদেহ…

৩ দিনৰ অন্তত উদ্ধাৰ ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হোৱা শ্ৰমিৰ শ্বাহৰুখৰ মৃতদেহ।

ভৰলুৰ নৱ নিৰ্মিত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ কামত নিয়োজিত আছিল শ্ৰমিকজন।

দলঙৰ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিক শ্বাহৰুখ আলী আকস্মিক ভাৱে বাগৰি পৰে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত।

লগে লগে নদীৰ পানীৰ প্ৰবল সোতে সন্ধানহীন হৈ পৰে শ্ৰমিক শ্বাহৰুখ আলী।

ঘটনাস্থলিত লগে লগে এছ ডি আৰ এফৰ দল উপস্থিত হয় যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল শ্বাহৰুখক।

অৱশেষত ৩ দিনৰ অন্তত SDRF-NDRFৰ অভিযানত উদ্ধাৰ হয় শ্ৰমিক শ্বাহৰুখ আলীৰ মৃতদেহ।