অৱশেষত তেজস্বীতাৰ হৈ সাক্ষ্য দিলে মাজুলী জিলা ছাত্র সন্থা, যুৱ ছাত্র পৰিষদ আৰু কোচ ৰাজবংশী ছাত্র সন্থাই

অৱশেষত তেজস্বীতা বৰুৱাৰ হৈ সাক্ষ্য দিবলৈ আহিল যুৱ ছাত্র পৰিষদ, মাজুলী জিলা ছাত্র সন্থা,কোচ ৰাজবংশী ছাত্র সন্থা।

উল্লেখ্য যে, তেজস্বিতাৰ মৃত্যুৰ তদন্তত সহায় হোৱাকৈ ৰাজহুৱা সাক্ষী গ্ৰহনৰ আহ্বান কৰিছিল অতিৰিক্ত উপায়ুক্ত সঞ্জীব কুমাৰ ফুকনে।

১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ কাৰ্যালয় খোলা অৱস্থাত দিনৰ ১২ বজাৰ পৰা তিনি বজালৈ তেজস্বিতাৰ মৃত্যুৰ ঘটনাৰ সাক্ষী প্ৰদানৰ বাবে আহ্বান জনোৱা হৈছিল।

309820963 520130906782265 1682092391636776217 n
অৱশেষত তেজস্বীতাৰ হৈ সাক্ষ্য দিলে মাজুলী জিলা ছাত্র সন্থা, যুৱ ছাত্র পৰিষদ আৰু কোচ ৰাজবংশী ছাত্র সন্থাই 2

কিন্তু ১০ তাৰিখৰ পৰা ১২তাৰিখলৈ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ বাবে অহা নাছিল কোনো এজন লোক।

এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। মাজুলীৰ দল সংগঠনৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল বহুতেই।

ইয়াৰ পিছতে সাক্ষ্য দান কৰিবলৈ আগবাঢ়ি আহে তিনিটাকৈ দল সংগঠনে।

বৃহস্পতিবাৰে গড়মূৰত উপায়ুক্ত কাৰ্যালয়ত মাজুলী জিলা ছাত্র সন্থা, কোচ ৰাজবংশী ছাত্র সন্থা আৰু মাজুলী জিলা যুৱ ছাত্র পৰিষদে সাক্ষ্য প্ৰদান কৰে।

উল্লেখ্য যে, তদন্তকাৰী বিষয়া ড০ সঞ্জীৱ ফুকনে ৰাজহুৱা সাক্ষ্যৰ দিন পুনৰ ১৯ অক্টোবৰলৈ বঢ়াই দিছিল। ইয়াৰ পাছতে পৰিয়ালৰ লোকেও কাতৰ আহ্বান কৰিছিল ৰাইজক।