অসম

ম’বাইল গেমেই কাল হ’ল চাৰি যুৱকৰ, চলন্ত ৰে’লে মহতীয়াই চাৰিজন কিশোৰক…

ম’বাইল গেমেই কাল হ’ল চাৰি যুৱকৰ।

চলন্ত ৰে’লে মহতীয়াই চাৰিজন কিশোৰক।

পশ্চিমবংগৰ দিনাজপুৰ জিলাত চাৰিগৰাকী কিশোৰে ৰে’ল আলিত বহি মোবাইল ফোনত খেলি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, উত্তৰ দিনাজপুৰ জিলাৰ চোপৰা ব্লকৰ কনাগছ গাঁৱৰ চাৰি যুৱক ৰাহুল সিংহ, সৌৰভ সিংহ, প্ৰশান্ত সিংহ আৰু ৰাহুল সিংহ এটা গেৰেজৰ কৰ্মী। দেওবাৰে ৰাখীবন্ধন উৎসৱৰ বাবে ভগ্নীৰ ওচৰলৈ ৰাখী পিন্ধিবলৈ ঘৰলৈ আহিছিল।

সন্ধিয়া চাৰি বন্ধুৱে ঘৰৰ কাষৰে ৰে’ল লাইনৰ ফালে ওলাই গৈছিল। ৰে’ল আলিত বহি তেওঁলোকে ম’বাইল গেম খেলাত ব্যস্ত আছিল।

তেনেতে এই ঘটনা সংঘটিত হয় বুলি সদৰি কৰে স্থানীয় ৰাইজে।

ইছলামপুৰ আৰক্ষী থানাৰ আৰক্ষী অধীক্ষকে ঘটনা সন্দৰ্ভত কয়- ‘চাৰিগৰাকী কিশোৰক দেওবাৰে নিশা ৰে’ল আলিত বহি মোবাইল ফোনত খেলি থকাৰ সময়ত চলন্ত ৰে’লে মহতীয়াই লৈ যায়। গাঁৱবাসীয়ে মৃতদেহ কেইটাৰ সৎকাৰ কৰে। এতিয়ালৈ আমি ঘটনা সন্দৰ্ভত কোনোধৰণৰ অভিযোগ লাভ কৰা নাই।’

এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *