অসমঅসমীয়া

৩১ মাৰ্চত অনুষ্ঠিত হ’ব অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন

নিউজ ডেস্ক। অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।

অসমকে ধৰি ৬ খন ৰাজ্যৰ মুঠ ১৩ খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।

নিৰ্বাচন আয়োগে সদৰী কৰা মতে, ৰাজ্যসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব ১৪ মাৰ্চত।

আনহাতে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২১ মাৰ্চ। ২২ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময় হৈছে ২৪ মাৰ্চ।

2 5

ইফালে ৩১ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হব ভোটগ্ৰহণ। একেদিনাই সন্ধিয়া ৫ বজাৰ পৰা ভোট গণনা কৰা হ’ব।

উল্লেখ্য যে, অসমৰ দুখন ৰাজ্যসভা আসনৰ কাৰ্যকালৰ অন্ত পৰিব অহা ২ এপ্ৰিলত।

9 3

কংগ্ৰেছৰ ৰিপুণ বৰা আৰু ৰাণী নৰহ অধিষ্ঠিত হৈ থকা এই দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হব নিৰ্বাচন।

অসমৰ উপৰিও নাগালেণ্ড, ত্ৰিপুৰা আৰু হিমাচল প্ৰদেশৰ এখনকৈ আসন, কেৰালাৰ ৩ খন আৰু পঞ্জাবৰ ৫ খন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হব ভোটগ্ৰহণ।

নির্বাচন আয়োগে ইতিমধ্যে এই নির্বাচন মুক্ত আৰু নিকাভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যৰে পৰ্যবেক্ষক নিযুক্ত প্ৰদানৰ নিৰ্দেশনা জাৰি কৰিছে।

ইয়াৰ লগতে বেলট পেপাৰত কেৱল ৰিটার্নিং বিষয়াই যোগান ধৰা বেঙুনীয়া ৰঙৰ স্কেচ পেনৰ দ্বাৰাহে চিহ্ন দিয়াৰ কাৰণে নির্বাচন আয়োগে নির্দেশ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *