অসমঅসমীয়া

২৯ ডিচেম্বৰত অনুষ্ঠিতব্য ‘অসম গ্ৰন্থমেলা’ৰ লাইখুঁটা স্থাপন

নিউজ ডেস্ক। অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈকে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘অসম গ্ৰন্থমেলা’ৰ শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয়।

উল্লেখ্য যে গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিতব্য ‘অসম গ্ৰন্থমেলা’ৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষাৰত ৰাজ্যৰ গ্ৰন্থপ্ৰেমী ৰাইজ।

Laying-likhuta-of-Assam-Book-Fair-at-Assam-Engineering-Institute-playground-in-Guwahati-on-17-12-21-

লাইখুঁটা স্থাপনৰ দৃশ্য

শুকুৰবাৰে অনুষ্ঠিত লাইখুঁটা স্থাপন কাৰ্যসূচীত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সচিব প্ৰমোদ কলিতা, বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, সদৌ অসম পুথি বিক্রেতা সন্থাৰ বিষয়ববীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে দীৰ্ঘ সময়ৰ অপেক্ষাৰ অন্তত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক বিক্রেতা সংস্থাই যুটীয়াভাৱে নতুন নামকৰণেৰে এই গ্ৰন্থমেলাৰ আয়ােজন কৰিছে।

Laying-likhuta-of-Assam-Book-Fair-at-Assam-Engineering-Institute-playground-in-Guwahati-on-17-12-21-

এইবাৰ ‘অসম গ্ৰন্থমেলা’ নামেৰে অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলাত দুয়োটা সংস্থাৰ ৭জনকৈ মুঠ ১৪ জন সদস্যৰে গ্ৰন্থমেলা পৰিচালন সমিতিখন গঠন কৰা হৈছে ৷

জানিব পৰা মতে, গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকো উপস্থিত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *