অসম

বৃহৎ পৰিমাণৰ ড্ৰাগছ, নগদ ধনসহ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰ৭ীৰ অভিযান।

এইবাৰ বিশ্বনাথত আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সহ সৰবৰাহকাৰী।

বিশ্বনাথ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত বিশ্বনাথ জিলা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে ড্ৰাগছ ভৰ্তি ১৬ টা কণ্টেইনাৰ সহ বহু নগদ টকা।

লগতে আৰ৭ীৰ জালত পৰিছে দুজন ড্ৰাগছ সৰবৰাহকাৰী।

ধৃত ব্যক্তি দুজন ক্ৰমে দলগাঁৱৰ ফকিৰ আলি আৰু মঙলদৈৰ ইনামূল হক।

তেওঁলোকৰ পৰা ১৬ টা ড্ৰাগছৰ কন্টেইনাৰ, ১৮২ গ্ৰাম ব্ৰাউন ছুগাৰ, আৰু নগদ ১ লাখ, ৫৯ হাজাৰ ৪০০ টকা, তিনিটা মোবাইল ফোন আৰু বিভিন্ন নথি পত্ৰ উদ্ধাৰ কৰাৰ লগতে এখন আই টুৱেন্টি গাড়ী (এ এছ ০৭ এম ৮৯২২) জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে ফকিৰ আৰু ইনামূলক জিম্মাত ৰাখি তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *