নিউজ ডেস্কঃ কথাতেই কয়- যত্ন কৰিলে ৰত্ন পায়। যদি আপুনি কোনো কাম একান্ত অনুগত হৈ কৰি যায়, পলমকৈ হ’লেও তাৰ ফল পোৱাটো নিশ্চিত। এটা ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰীয়ে এই কথাটোকেই যেন প্ৰতিপন্ন কৰি তুলিছে।
২৭ বছৰীয়া কৰ্মজীৱনত তেওঁ কেতিয়াও ছুটি লোৱা নাই। আৰু তাৰেই স্বীকৃতিস্বৰূপে, কেভিন ফৰ্ড নামৰ এই ব্যক্তিগত ফুড চেইন প্ৰতিষ্ঠানৰ কৰ্মচাৰীগৰাকীয়ে উপহাৰ স্বৰূপে লাভ কৰিছে ১.৫ কোটি টকা।
কামৰ প্ৰতি তেওঁৰ নিষ্ঠাৱান আচৰণৰ দ্বাৰা প্ৰভাৱিত হৈছিল প্ৰতিষ্ঠানটোও। সেইকাৰণে কেভিনক এগাল উপহাৰৰ সৈতে এটা বেগ হস্তান্তৰ কৰা হৈছিল। তেওঁ উপহাৰটো গ্ৰহণ কৰাৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত কেভিনে বেগৰ পৰা এটাৰ পিছত এটা বস্তু উলিয়াই থকা দেখা গৈছে । কলম, চকলেট, স্মাৰক, চলচ্চিত্ৰৰ টিকট আদিকে অলেখ সৰু সৰু উপহাৰেৰে ভৰি আছে তেওঁৰ উপহাৰৰ টোপোলা। তেওঁ লাভ কৰা উপহাৰসমূহৰ কিছু কোম্পানীৰ তৰফৰ পৰা প্ৰদান কৰাৰ লগতে বাকীসমূহ প্ৰদান কৰিছে তেওঁৰ সহকৰ্মীসকলে।
ইয়াৰ উপৰিও কেভিনৰ জীয়ৰী চেৰেনাই অনলাইনত পিতৃৰ বাবে অনুদানৰ বাবে এটা পেজ সৃষ্টি কৰিছিল। তেওঁ কৈছিল যে তেওঁৰ পিতৃয়ে ২৭ বছৰ ধৰি একেৰাহে কাম কৰি আছিল। তেওঁৰ পুত্ৰ আৰু জীয়েকক ভালদৰে শিক্ষিত কৰা তথা ঘৰখন চলাবলৈ এয়া তেওঁৰ ত্যাগ।
Burger King employee trends after video shows that he was gifted a goodie bag for his 27 years of work dedicated to the company pic.twitter.com/MLJiW21yKE
— My Mixtapez (@mymixtapez) June 21, 2022
চেৰেনাই তেওঁৰ পিতৃক ধন্যবাদ হিচাপে অনুদানৰ বাবে আবেদন কৰিছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে অলেখ লোকে। ইতিমধ্যে ১.৫ কোটিতকৈও অধিক টকা এই পেজটোৰ যোগেদি আহৰণ কৰা হৈছে।
সামাজিক মাধ্যমত ভাইৰেল হোৱা কেভিনৰ এই ভিডিঅ’টোৰ দ্বাৰা নেটিজেনসকলো প্ৰভাৱাম্বিত হৈ পৰিছে। অৱশ্যে, নেটিজেনসকলৰ এটা অংশৰ মতে, কোম্পানীয়ে তেওঁক দিয়া উপহাৰটোৱে পৰ্যাপ্ত নহয়। তেওঁ তাতকৈ বহুত বেছি পোৱা উচিত বুলি তেওঁলোকে মত পোষণ কৰে।









