২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন…

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দুজন লোক।

AS 09 D 6328 নম্বৰৰ মহিন্দ্ৰা বলেৰ’ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা কালভাৰ্টৰ ৰেলিঙত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়৷

নিহত লোক দুজন হৈছে গুলচন টেৰণ আৰু মংগল সিং টুকবি।

কাৰ্বি আংলং জিলা জলসিঞ্চনৰ বিভাগৰ হামৰেং উপ সংমণ্ডলৰ সহ অভিযন্তা আছিল গুলচন টেৰণ।

আনহাতে মংগল সিং টুকবি আছিল চতুৰ্থবৰ্গৰ কৰ্মচাৰী।

দুৰ্ঘটনাত পতিত হোৱা বাহনখনত Govt Of Assam লিখিত হৈ আছে।

ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে।

Leave a Comment