চান্দা বিচাৰি ৰঙা ঘৰৰ আলহী হ’ল দুটাকৈ সংগঠনৰ ৬ গৰাকী সদস্য…

চান্দা সংস্কৃতিৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান।

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুটাকৈ সংগঠনৰ ৬ গৰাকী সদস্য।

গ্ৰেপ্তাৰ হ’ল অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৰ চাৰিজনকৈ সদস্য।

শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰিজন ক্ৰমে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি পিকুমণি দাস, জিলা সম্পাদক পাৰ্থ দাস, কাৰ্যবাহী সদস্য জিন্টু দাস, কাৰ্যবাহী সদস্য দিগন্ত বৰা।

আনহাতে গ্ৰেপ্তাৰ হৈছে টাইপা নামৰ সংগঠনটোৰ শৈলেন চাংমাই আৰু সুনিল চাংমাইও।

দুয়োৰে ঘৰ ডিমৌ বৰুৱা চাংমাইত।

শুকুৰবাৰে সংবাদমেল যোগে এই কথা জনালে শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে।

ইয়াৰোপৰি, শিৱসাগৰ আৰক্ষীয়ে Anti Extortion Cell গঠন কৰা কথাও প্ৰকাশ কৰাৰ লগতে ফোন যোগে ৰাইজে ধনদাবীৰ অভিযোগ দাখিল কৰিব পাৰিব বুলি উল্লেখ কৰে।

লগতে চাওকঃ

বাইক চালকৰ ভুলৰ বাবেই সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা, CCTV কেমেৰাত বন্দী দৃশ্য

বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ নিঃশেষ হ’ল এটা পৰিয়াল…

Leave a Comment