২০২২ বৰ্ষত ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ।
অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এক নিৰ্দেশনাযোগে এই কথা সদৰি কৰা হৈছে।
২০, ২১ আৰু ২২ এপ্ৰিলত হ’ব প্ৰথম পৰ্যায়, ২৫, ২৬ আৰু ২৭ এপ্ৰিলত হ’ব দ্বিতীয় পৰ্যায় আৰু ১০, ১১ আৰু ১২ মে’ত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ।
তিনিওটা পৰ্যায়তে ১১ খনকৈ জিলাক সামৰি লোৱা হৈছে।
প্ৰথম পৰ্যায়ৰ জিলা কেইখন হৈছে- বাক্সা, চিৰাং, ধুবৰী, ডিমা হাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ (মেট্ৰ’), লখিমপুৰ, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং।
দ্বিতীয় পৰ্যায়ৰ জিলা কেইখন হৈছে- বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজী, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বিং আংলং, কৰিমগঞ্জ, নগাঁও আৰু নলবাৰী।
আনহাতে তৃতীয় পৰ্যায়ৰ জিলা কেইখন হৈছে- বৰপেটা, কাচাৰ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ, তিনচুকীয়া আৰু ওদালগুৰি।
উল্লেখ্য যে, ৰাজ্যত প্ৰথমবাৰৰ বাবে ২০১৭ চনত গুণোৎসৱ অনুষ্ঠিত হৈছিল।
বিদ্যালয়ত শিক্ষাৰ মান, শিক্ষক ছাত্ৰৰ অনুপাত, বিদ্যালয়ৰ আন্তঃগাঁথনি আদি দিশ উন্নত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰি আহিছে গুণোৎসৱ।









