১ লাখ তামোল-নাৰিকলৰ পুলি লৈ মেক্সিকোলৈ যাদৱ পায়েং, ৮ লাখ হেক্টৰ ভূমিত গঢ়িব সেউজ অৰণ্য…

নিউজ ডেস্ক। নিজৰ একান্ত প্ৰচেষ্টাৰে সুবিশাল কৃত্ৰিম অৰণ্য গঢ় দি দেশ-বিদেশত অৰণ্য মানৱ হিচাপে বিখ্যাত হৈ পৰা যাদৱ পায়েং এইবাৰ প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা লৈ যাত্ৰা কৰিব সুদূৰ মেক্সিকােলৈ।

জানিব পৰা মতে, অহা ডিচেম্বৰ মাহতে আৰম্ভ হ’ব অৰণ্য মানব যাদৱ পায়েঙৰ এই বিশেষ যাত্ৰা।

মাজুলীৰ ১ লাখ তামোল-নাৰিকলৰ পুলি লৈ ডিচেম্বৰত মেক্সিকোলৈ উৰা মাৰিব যাদৱ পায়েঙে।

তাত ৮ লাখ হেক্টৰ ভূমিত সেউজ অৰণ্য গঢ়ি তুলিবলৈ হাতে-কামে লাগিব অৰণ্য মানৱ।

295547504 1109065273014118 3777383816485395754 n
১ লাখ তামোল-নাৰিকলৰ পুলি লৈ মেক্সিকোলৈ যাদৱ পায়েং, ৮ লাখ হেক্টৰ ভূমিত গঢ়িব সেউজ অৰণ্য... 3

উল্লেখ্য যে মেক্সিকো চৰকাৰে ইতিমধ্যেই দহ বছৰৰ ভিছা প্ৰদান কৰিছে যাদৱ পায়েঙক।

যাদৱ পায়েঙে মেক্সিকােত তামোল আৰু নাৰিকলৰ পুলি ৰোপণ কৰিব।

সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত যাদৱ পায়েঙে কয়- মেক্সিকোৱে প্ৰথমতে প্রকৃতি ধ্বংস কৰিলে আৰু এতিয়া তেওঁলোকে বুজি উঠিছে তেওঁলোকৰ ধ্বংস মাতি আনিব। এতিয়া ভাৰতৰ পৰা দূবৰি বন, কেঁৱা বন ৰুবলৈ শিকিছে। মই দহ বছৰৰ ভিছা লাভ কৰিছোঁ। তিনি মাহৰ মূৰে মূৰে গৈ মই তাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে থাকি একেলগ হৈ গছপুলি ৰোপণ কৰিব লাগিব। মেস্কিকো চৰকাৰে ইতিমধ্যে আঠ লাখ হেক্টৰ ভূমি কিনি লৈছে।

295974728 1082899725954285 8309893222609694692 n
১ লাখ তামোল-নাৰিকলৰ পুলি লৈ মেক্সিকোলৈ যাদৱ পায়েং, ৮ লাখ হেক্টৰ ভূমিত গঢ়িব সেউজ অৰণ্য... 4

তেওঁ কয়-২০২০ বৰ্ষত মই তেওঁলোকৰ তালৈ গৈ অনুভৱ কৰিছিলোঁ যে তেওঁলোকৰ ভূমিত আমাৰ দেশৰ তামোল আৰু নাৰিকল গছ হ’ব। ম‍ই ৰুই অহা এই গছসমূহ তেওঁলোকে প্রতিপাল কৰিলে বছৰত কমেও দহ জোপা, বিশ জোপাকৈ পুলি নতুনকৈ হ’ব। মুঠৰ ওপৰত আমাৰ অসমৰ তামোল আৰু নাৰিকল বিদেশত জিলিকি থাকিব। আমাৰ দৰে তেওঁলোকৰ তাতো পুলি ৰোৱাৰ উপযোগী সময় ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ পৰ্যন্ত। সেয়ে ম‍ই ডিচেম্বৰ মাহত তেওঁলোকৰ দেশলৈ যাম আৰু তিনি মাহ থাকি প্রতিদিনেই ছাত্র-ছাত্রীসকলৰ সৈতে মিলি গছপুলি ৰোপণ কৰাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতি আৰু পৃথিৱীখন ভাল পাবলৈ শিকাব লাগিব।

আনহাতে, সমগ্ৰ বিশ্বই যদি একেলগে সাত দিনৰ বাবে লকডাউন দিয়ে পৃথিৱীৰ ভাৰসাম্য ঘূৰি আহিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে যাদৱ পায়েঙে।