অসম

১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই।

বৃহস্পতিবাৰে এক বিবৃতি যোগে মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী প্ৰদিপ্ত বৰুৱাই এই কথা সদৰি কৰিছে।

তেওঁ কয়- এইবেলি বাৰিষা আগতীয়াকৈ অহা বাবে উদ্যানখনৰ ভিতৰৰ পথ সমূহ বেয়া হৈ পৰিছে তাৰোপৰি এই সময়ছোৱা বনৰীয়া জীৱ-জন্তু সমূহৰ বাবে অতি সংবেদনশীল সময়।

উল্লেখযোগ্য যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটক সকলৰ বাবে হাতী চাফাৰী বন্ধ কৰা হ’ব।

অৱশ্যে ১৫ মে’ পৰ্যন্ত জীপ চাফাৰী অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *