অসম

ভয়ংকৰ অগ্নিকাণ্ডঃ জুইত ভস্মীভূত দুখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ, বৃদ্ধা নিহত…

এক ভয়ংকৰ অগ্নিকাণ্ড।

জুইত ভস্মীভূত দুখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এটা বাসগৃহ।

লগতে অগ্নিৰ সংস্পৰ্শলৈ আহি এগৰাকী সত্তৰ উৰ্ধৰ বৃদ্ধাৰ কৰুণ মৃত্যু হয়।

এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত লংচোৱালত।

জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত লংচোৱালৰ ৰাজকুমাৰ প্ৰসাদ কানু আৰু গণেশ প্ৰসাদৰ দোকান আৰু বাসগৃহ সম্পূৰ্ণ ভষ্মীভূত হয়।

অগ্নিকাণ্ডত ৰাজকুমাৰ প্ৰসাদ কানুৰ বৃদ্ধা মাতৃ নিহত হয়।

স্থানীয় লোকে জনোৱা অনুসৰি, ৰাজকুমাৰ কানুৰ বাসগৃহত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি পিচলৈ গণেশ প্ৰসাদৰ দোকান আৰু ঘৰলৈ জুই বিয়পে।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ইতিপূৰ্বেই জুইয়ে দুয়োৰে ঘৰ আৰু দোকান ভষ্মীভূত কৰে।

দুয়োটা পৰিয়ালৰ অন্যান্য সদস্যসকল নিৰাপদে ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও জুইৰ লেলিহান শিখাই আগুৰি ধৰাত বৃদ্ধাগৰাকীক বাহিৰলৈ আনিব পৰা নগ’ল।

যাৰ বাবে কৰুণ মৃত্যুক সাৱটি ল’লে বৃদ্ধাগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *