অসমঅসমীয়া

১ ফেব্ৰুৱাৰীত জাৰি কৰা হব নতুন এছঅ’পি, শিথিল কৰা হব নৈশ সান্ধ্য আইন

ৰাজ্যত পুনৰ শিথিল কৰা হব নৈশ সান্ধ্য আইন। এই ইংগিত দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে জাৰি কৰিব নতুন এছঅ’পি।

নতুন এছঅ’পিত নৈশ সান্ধ্য আইন ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজাৰ পৰা জাৰি হব। পৰ্যায়ক্ৰমে স্কুল সমূহো খুলি দিয়াৰ বিষয়ে চিন্তা চৰ্চা চলাই থকা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত কয় যে বিগত ২-৩ দিনৰ পৰা হ্ৰাস পাইছে কোৰোনা সংক্ৰমণ। আনহাতে অমিক্ৰনত মৃত্যুৰ হাৰো তেনেই কম। সেয়েহে জীৱন আৰু জীৱিকাৰ ওপৰত প্ৰভাৱ নপৰিবলৈ বাধা নিষেধসমূহ শিথিল কৰা হব।

আনহাতে স্কুল-কলেজ সমূহো লাহে লাহে খুলি দিয়া হব। কোৰোনা সংক্ৰমণ হোৱা এলেকাত লোকেল কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি ৭ দিনৰ পিছত বিদ্যালসমূহ খুলি দিয়া হব।

মুখ্যমন্ত্ৰীয়ে কয়, সাৱধান হৈ থকা ভাল, কিন্তু আতংকিত হব নালাগে। বৰ্তমান চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। গতিকে কাৰফিউ শিথিল কৰিব পাৰি।

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

Leave a Reply

Your email address will not be published. Required fields are marked *