১৮ নহয়, ১৬ বছৰতে বিয়াত বহিব পাৰিব মুছলমান যুৱতী! উচ্চ ন্যায়ালয়ৰ ৰায়দান

নিউজ ডেস্ক। ভাৰতত ছােৱালীৰ ক্ষেত্ৰত বিয়াৰ ন্যূনতম বয়স ২১ বছৰলৈ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে যাে-জা চলােৱাৰ সময়তে পঞ্জাব আৰু হাৰয়ানাৰ উচ্চ ন্যায়ালয়ে এগৰাকী মুছলমান যুৱতীয়ে ১৬ বছৰতে বিয়াত বহাৰ অনুমতি প্ৰদান কৰিছে।

জানিব পৰা মতে, উচ্চ ন্যায়ালয়ে সােমবাৰে ৰায়দান কৰে ১৬ বছৰৰ এগৰাকী মুছলমান ছোৱালীয়ে নিজৰ পছন্দৰ যিকোনো ব্যক্তিক বিয়া কৰাব পাৰিব।

ন্যায়াধীশ যশজিৎ সিং বেদীৰ একক ন্যায়াধীশ বিচাৰপীঠে এই বিষয়ত শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে। 

G5 2
১৮ নহয়, ১৬ বছৰতে বিয়াত বহিব পাৰিব মুছলমান যুৱতী! উচ্চ ন্যায়ালয়ৰ ৰায়দান 2

জানিব পৰা মতে, মুছলমান সম্প্ৰদায়ৰ ৰীতি অনুসৰি বিয়াত বহা পঞ্জাবৰ পাঠানকোটৰ ১৬ বছৰৰ এগৰাকী যুৱতী আৰু ২১ বছৰৰ যুৱকে নিজৰ পৰিয়ালৰ সদস্যৰ পৰা সুৰক্ষা বিচাৰি আদালতৰ কাষ চাপিছিল।

তেওঁলােকে আদালতত জনায় যে ইছলামিক ৰীতি-নীতি আৰু অনুষ্ঠান অনুসৰি চলিত বৰ্ষৰ ৮ জুনত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল।

কিন্তু ইয়াৰ পিছতে তেওঁলােকে পৰিয়ালৰ লোকৰ পৰা ভাবুকি পোৱাৰ বাবে আদালতৰ কাষ চাপে।

জ্যেষ্ঠ আৰক্ষী অধীক্ষক (পাথানকোট)ক অনুৰোধ কৰাৰ পাছতো তেওঁলোকক কোনো ধৰণৰ সুৰক্ষা প্ৰদান কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে মুছলমান দম্পতীহালে।

মুছলমান দম্পতীহালৰ অধিবক্তাই যুক্তি দিছিল যে মুচলিম পাৰ্ছবেল ল’ অনুসৰি ১৫ বছৰ পূৰ্ণ কৰা যিকােনাে ছােৱালী বিয়াৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়।

আদালতে ৰায় দিয়ে যে মুছলমানৰ বিবাহ মুচলিম পাৰ্ছনেল ল’ অনুসৰি পৰিচালিত হয়, যিয়ে ১৫ বছৰৰ ওপৰৰ ছােৱালীক বিবাহৰ অনুমতি দিয়ে।