অসম

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা, অকাল মৃত্যুক সাৱটিলে ২৪ বছৰীয়া কৌশিকে…

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা।

অকাল মৃত্যুক সাৱটিলে এগৰাকী ২৪ বছৰীয়া যুৱকে।

মহানগৰীৰ ভিআইপিত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

photo 2022 03 15 16 18 33

দেওবাৰে নিশা পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত ভিআইপিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক।

যুৱকজন পলাশবাৰী সমষ্টিৰ নহিৰা গাঁৱৰ দোকানিপাৰাৰ ২৪ বছৰীয়া কৌশিক কলিতা।

জানিব পৰা মতে, দেওবাৰে নিশা কৌশিক কলিতা নামৰ যুৱকজনে এখন বিবাহ অনুষ্ঠানলৈ গৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভিআইপিত পথ দুৰ্ঘটনাত পতিত হয়।

সোমবাৰে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি নহিৰাস্থিত নিজ বাসগৃলৈ অনাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

লগতে চাওকঃ

ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্রবেগী বাছৰ খুন্দাত থিতাতে মৃত্যু বিজেপি নেত্ৰীসহ দুই স্কুটি আৰোহীৰ…

G9 2

Leave a Reply

Your email address will not be published. Required fields are marked *