অসম

এনকাউণ্টাৰৰ কোনো ধৰ্ম নাই, মুছলমানেই হওক বা হিন্দুৱে হওক অপৰাধ কৰিলে এনকাউণ্টাৰ হ’বইঃ মুখ্যমন্ত্ৰী…

এনকাউণ্টাৰৰ কোনো ধৰ্ম নাই, মুছলমানেই হওক বা হিন্দুৱে হওক অপৰাধ কৰিলে এনকাউণ্টাৰ হ’বই।

অসম বিধানসভাৰ মজিয়াত নিজৰ ভাষণত ৰাজ্যত বৰ্তমান আৰক্ষীয়ে কৰি থকা এনকাউণ্টাৰ সন্দৰ্ভত এইদৰে বলিষ্ঠ কণ্ঠৰে মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘৩ কেজি হেৰোইন লৈ অহাৰ বাবে যদি ড্ৰাগছ সৰবৰাহকাৰীজন আৰক্ষীৰ সৈতে গুলীয়াগুলীত আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় তেন্তে আমি দুখ কৰি লাভ নাই কাৰণ সেই ৩ কেজি হেৰোইনে ২০০০ ডেকা ল’ৰা-ছোৱালীক ধ্বংস কৰিব।’

এনকাউণ্টাৰৰ ক্ষেত্ৰত হিন্দু-মুছলমানৰ ৰাজনীতি কৰি লাভ নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘ধৰ্মক লৈ নহয় যুদ্ধ ড্ৰাগছৰ বিৰুদ্ধেহে হ’ব লাগে, যুদ্ধ অপৰাধীৰ বিৰুদ্ধেহে হ’ব।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন ধৰ্ষণকাৰীৰ শৰীৰত গুলী লাগিলে আমি কাৰ কাৰণে কান্দিম ধৰ্ষণকাৰীৰ বাবে কান্দিম নে ভূক্তভোগী গৰাকীৰ বাবে কান্দিম বুলি বিৰোধীক প্ৰশ্ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *