অসম

১৭ নং ৰাষ্ট্ৰীয়া ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন…

কামৰূপ জিলাৰ বকোত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ হনুমান মন্দিৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

গুৱাহাটী অভিমুখে গৈ থকা এএছ-১৭/চি-৪৮৮০ নম্বৰৰ ফলমূল কঢ়িয়াই অনা মহেন্দ্ৰ পিক আপ এখনে তীব্ৰ জোৰেৰে খুন্দা মাৰে পথৰ কাষৰ শালগছ এজোপাত।

ফলত গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

দুৰ্ঘটনাটোৰ ফলত গাড়ীখনত থকা দুজন লোকৰ থিতাতে মৃত্যু হয়।

বৰ্তমানলৈকে মৃত্যু হোৱা লোকক কেইগৰাকী চিনাক্ত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *