যৌন নিৰ্যাতনত অভিযুক্ত এন আৰ এলৰ সহকাৰী সাধাৰণ পৰিচালকক নিলম্বন…

যৌন নিৰ্যাতনত অভিযুক্ত গোলাঘাটৰ নুমলীগড় তেল শোধানাগাৰৰ সহকাৰী সাধাৰণ পৰিচালকক নিলম্বন।

এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগত বিষয়া নিহাৰ প্ৰসাদ শৰ্মাক নিলম্বন কৰা হৈছে।

যৌন নিৰ্যাতনৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে ২০ আগষ্টত নিহাৰ প্ৰসাদ শৰ্মাক গুৱাহাটীৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পাছতে নুমলীগড় তেল সোধানাগাৰ কৰ্তৃপক্ষই নিলম্বণ কৰিছে বিষয়া গৰাকীক।

উল্লেখযোগ্য যে, বিষয়া গৰাকীয়ে ১৯ আগষ্টত এগৰাকী মহিলা কৰ্মচাৰীক নিজ আৱাসলৈ মাতি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল।

ভুক্তভোগী মহিলা গৰাকীয়ে ইয়াৰ পাছতে আৰক্ষীক ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰত মহিলা গৰাকীয়ে যৌন নিৰ্যাতন চলোৱাৰ পূৰ্বে নিহাৰ প্ৰসাদ শৰ্মাই তেওঁক নিচাযুক্ত দ্ৰব্য পান কৰোৱাইছিল বুলিও উল্লেখ কৰিছিল।

মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিতে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিহাৰ প্ৰসাদ শৰ্মাক।

Leave a Comment