১৫ জুলাইৰ পৰা বিনামূলীয়া প্ৰদান কৰা হ’ব ক’ভিড বুষ্টাৰ ড’জ…

১৫ জুলাইৰ পৰা দিয়া হ’ব বিনামূলীয়া ক’ভিড বুষ্টাৰ ড’জ।

দেশত পুনৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

যাৰ পৰিপেক্ষিতত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

১৮ বছৰৰ ওপৰৰ লোক সকলৰ বাবে বিনামূলীয়া হ’ব ক’ভিডৰ বুষ্টাৰ ড’জ।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে জনাইছে যে, ১৫ জুলাইৰ পৰা পৰৱৰ্তী ৭৫ দিনলৈ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ।

১৮-৫৯ বছৰৰ সকলোৱে ল’ব পাৰিব ক’ভিডৰ এই ভেকচিন।

উল্লেখ্য যে, দেশৰ প্ৰায়বোৰ লোকেই কৰ’ণাৰ দুই পালি ড’জ ললে যদিও বুষ্টাৰ ড’জটো ল’বৰ বাবে অৱহেলা কৰা দেখা গৈছে। এনে পৰিস্থিতিত মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবেই এই পদক্ষেপ লোৱা হৈছে।