১১ জিলাৰ ৩খন সত্ৰৰ ৭৫০৪ বিঘা ভূমি বৰ্তমান বেদখলকাৰীৰ কবলত! মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল সত্ৰ আয়োগৰ…

নিউজ ডেস্কঃ দিনক দিনে বেদখলকৃত হৈছে সত্ৰৰ ভূমি।

শুকুৰবাৰে সত্ৰ আয়োগে মুখ্যমন্ত্ৰীক দাখিল কৰা প্ৰতিবেদনৰ তথ্য প্ৰকাশ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সত্ৰ আয়োগৰ তথ্য অনুসৰি, ৰাজ্যৰ ১১ খন জিলাৰ ৩ খন সত্ৰৰ ৭৫০৪ বিঘা ভূমি বৰ্তমান বেদখলকাৰীৰ কবলত আছে।

ৰাজ্যৰ ৬২ খন সত্ৰ ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীৰ ওচৰত এই প্ৰতিবেদন দাখিল কৰে আয়োগে।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, সৰ্বাধিক বেদখল হৈছে বৰপেটা জিলাত। তাৰ পিছতে আছে লখিমপুৰ আৰু নগাঁও জিলাৰ সত্ৰ।

উল্লেখ্য যে, ২০২১ চনত অসম চৰকাৰে কেবিনেট বৈঠকত সত্ৰৰ ভূমি বেদখল সন্দৰ্ভত জৰীপ চলাবলৈ এখন আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এই আয়োগৰ নেতৃত্বত আছে প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকা।