অসম

হোলীৰ দিনটোতে বাইকেৰে নগাঁওবাসীৰ কাষত উপস্থিত আনন্দ মিশ্ৰ…

সম্পূৰ্ণ ৩৯ দিনৰ পিছত পুনৰ নাগাৱঁত উপস্থিত হল নগাঁৱৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।

হোলীৰ দিনাখনেই বাইকেৰে বন্ধুৰ সৈতে নগাঁৱত উপস্থিত হৈ আইপিএছ বিষয়াগৰাকী।

আনন্দ মিশ্ৰ নগাঁৱত উপস্থিত হোৱাৰ লগে লগে শিশু, মহিলা, বৃদ্ধৰ পৰা আৰক্ষী জোৱানলৈকৈ ভালেসংখ্যক লোকে প্ৰাক্তন আৰক্ষী অধীক্ষকগৰাকীৰ কাষত ভিৰ কৰে।

9 5

দৰাচলতে ফাকুৱাৰ তিনিদিনীয়া বন্ধৰ সুযোগতে বন্ধুৰ সৈতে বাইকেৰে অসমৰ একমাত্ৰ হিল ষ্টেচন হাফলংলৈ ফুৰিবলৈ যায় আইপিএছ বিষয়াগৰাকীয়ে। সেই সময়তে তেওঁ উপস্থিত হয় নগাঁৱতো।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি আনন্দ মিশ্ৰই কয় যে নগাঁৱত তেওঁ কাৰ্যৰত হৈ থকাৰ সময়তে হাফলঙলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু সেই সময়ত কামৰ হেঁচাৰ বাবে উলিয়াব পৰা নাছিল সুযোগ।

image 2022 03 19 110116

অসমৰ প্ৰতিটো চুক কোন এবাৰ ঘূৰাৰ ইচ্ছাও ব্যক্ত কৰে আনন্দ মিশ্ৰই।

নগাঁৱলৈ মনত পৰে বুলি মন্তব্য কৰি আইপিএছ বিষয়াগৰাকীয়ে কয় যে নগাঁৱত থকা সময়খিনি তেওঁৰ বাবে মধুৰ সময় আছিল।

উল্লেখ্য যে, নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰা গুলীচালনাৰ ঘটনাৰ পিছতে জৰুৰীকালীন ভাবে ৯ ফেব্ৰুৱাৰীত নগাঁৱৰ পৰা গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্রক। তাৰ পিছত হোলীৰ দিনটোত তেওঁ পুনৰ এবাৰ নগাঁৱত উপস্থিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *