হৃদয়স্পৰ্শী! এদিনৰ বাবে IPS হ’ল দুই ছাত্ৰ, কিন্তু কিয়…

নিউজ ডেস্কঃ প্ৰত‍্যেকগৰাকী শিশুৰে সৰুৰে পৰাই থাকে ভিন্নৰঙী স্বপ্ন। কোনোবা যদি শিক্ষক, কোনোবা চিকিৎসক, আকৌ কোনোবা এজনৰ থাকে ইঞ্জিনীয়াৰ হোৱাৰ বাসনা। আন দহটা শিশুৰ দৰে এই দুয়োটি শিশুৰো দুচকুত আছিল আইপিএছ হোৱাৰ সপোন। ডাঙৰ হৈ দেশমাতৃৰ সেৱা কৰিব বিচাৰিছিল তেওঁলোকে।

কিন্তু সপোন বাস্তৱত পৰিণত হোৱাত বিধি পথালি দিলে যেন তেওঁলোকৰ শৰীৰে। নৱম শ্ৰেণীত অধ‍্যয়নৰত মিলিতেশ আৰু মহম্মদ চলমান নামৰ দুয়োজন শিক্ষাৰ্থী কৈশোৰতে আক্ৰান্ত হ’ল দুৰাৰোগ্য ৰোগত। হাতত সময় কম। কলিতেই যেন মৰহি গ’ল তেওঁলোকৰ সপোন।

photo1658569255
হৃদয়স্পৰ্শী! এদিনৰ বাবে IPS হ’ল দুই ছাত্ৰ, কিন্তু কিয়… 4

কিন্তু সেই সময়তে তেওঁলোকৰ কাষত থিয় দিলে বাংগালুৰু আৰক্ষী। দুয়োৰে সপোন সাৰ্থক কৰি বেংগালুৰু আৰক্ষীয়ে এদিনৰ বাবে দুয়োকে বহুৱালে আইপিএছৰ আসনত।

বাংগালুৰুৰ দক্ষিণ-পূব বিভাগৰ আৰক্ষী উপায়ুক্ত চি কে বাবাই সামাজিক মাধ‍্যমত শ্বেয়াৰ কৰা ফটোৰ জড়িয়তে এই কথা জানিবলৈ দিয়ে। ছবিখনত দুয়োজন কিশোৰকে আৰক্ষী আয়ুক্তৰ পোছাক পৰিধান কৰা দেখা গৈছে। মিলিতেশ আৰু মহম্মদ চলমান কেইঘণ্টামানৰ বাবে আৰক্ষী আয়ুক্তৰ চকীত অধিষ্ঠিত হৈছিল।

photo1658569259 1
হৃদয়স্পৰ্শী! এদিনৰ বাবে IPS হ’ল দুই ছাত্ৰ, কিন্তু কিয়… 5

দুয়োজন শিক্ষাৰ্থীৰ চকুৱে-মুখে বিয়পি পৰা হাঁহিয়ে ব্যক্ত কৰিছে তেওঁলোকৰ ক্ষণিকৰ আনন্দৰ পলখিনি। বাংগালুৰুৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, “এই দুটি কিশোৰে জটিল ৰোগৰ সৈতে যুঁজি আছে। আমি মাত্ৰ তেওঁলোকৰ ইচ্ছাক বাস্তৱত পৰিণত কৰাত এটা সৰু ভূমিকা পালন কৰিছিলোঁ। কিন্তু কেৱল কেইঘণ্টামানৰ বাবে। তথাপিও তেওঁলোকৰ হাঁহি থকা মুখখন আমাৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ সাফল্য।’’

photo1658569295
হৃদয়স্পৰ্শী! এদিনৰ বাবে IPS হ’ল দুই ছাত্ৰ, কিন্তু কিয়… 6

ছ’চিয়েল মিডিয়াত ব‍্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এতিয়া এই হৃদয়স্পৰ্শী কাহিনী। মিলিতেশ আৰু চলমানৰ আশু আৰোগ্য কামনা কৰাৰ লগতে সকলোৱে বেংগালুৰু আৰক্ষীৰ এই ভূমিকাত সন্তোষ প্ৰকাশ কৰিছে।