অসম

হৃদয়বিদাৰকঃ বনকৰ্মীৰ গুলীত নিহত ২ বছৰীয়া কণমানি আৰ্বি দৈমাৰী…

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাটৰ ভয়ংকৰ ৰূপ।

প্ৰতিদিনে হাতীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে।

ইয়াৰ মাজতে বকোৰ বন্দাপাৰা-চেখাদাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।

বন্যহস্তী খেদিবলৈ কৰা গুলীচালনাত মৃত্যু দুবছৰীয়া কণমানিৰ, গুলীবিদ্ধ হৈ আহত মাতৃ।

জানিব পৰা মতে, বনৰীয়া হাতী খেদিবলৈ কৰা গুলী চালনাত গুলীবিদ্ধ হয় মাতৃ আৰু এগৰাকী কনমানি কন্যা সন্তান।

কিন্তু কন্যা শিশুটি পিছত সেই গুলীৰ আঘাততেই প্ৰাণ হেৰুৱাই। কন্যাটিৰ নাম আৰ্বি দৈমাৰী বয়স মাত্ৰ ২ বছৰ।

আনহাতে আঘাতপ্ৰাপ্ত মহিলাগৰাকী মালবিকা দৈমাৰী, বয়স ২৫ বছৰ।

মাতৃৰ ডিঙিত আঘাত কৰিছে বনবিভাগৰ গুলীয়ে।

ততাতৈয়াকৈ মাতৃগৰাকীক বকোৰ ৩০খন বিচনাযুক্ত চিকিৎসালয়নৈ প্ৰেৰণ কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *