পঞ্চিমবঙ্গৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ পিচত মঙলবাৰে শিলচৰত উপস্থিত হয় সুস্মিতা দেব।
উপস্থিত হৈয়ে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ সুস্মিতা দেবৰ৷
সুস্মিতা দেৱে কয়- মই কংগ্ৰেছ নহয়, এআইইউডিএফ নহয়। মই সুস্মিতা দেৱ, মোৰ নেত্ৰী মমতা বেনাৰ্জী, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ।
ছিপাঝাৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিলে সুস্মিতা দেবে কয়- হিমন্ত বিশ্ব শৰ্মা এজন ব্যৰ্থ মুখ্যমন্ত্ৰী। ইতিহাসত ক’লা আখৰেৰে লিখা হৈ ৰ’ব হিমন্ত বিশ্ব শৰ্মাৰ নাম। হিমন্ত বিশ্ব শৰ্মা এজন ইউজলেছ মুখ্যমন্ত্ৰী।
লগতে বৰাকৰ পৰাই কৃণমূলে অসমত চৰকাৰ গঠন কৰাৰ হুংকাৰ দিয়ে তৃণমূলৰ নেত্ৰীগৰাকীয়ে।
বৰাকৰ পৰা বিজেপিৰ যাত্ৰা আৰম্ভণি হৈছিল আৰু আগন্তুক দিনত বৰাকৰ পৰাই অসমত তৃণমূলৰ যাত্ৰা আৰম্ভ হ’ব বুলি সুস্মিতাই কয়।
Thank my leader @mamataofficial for giving me the opportunity to be a member of the Rajya Sabha from Bengal.
— Sushmita Dev সুস্মিতা দেব (@SushmitaDevAITC) September 27, 2021
It’s an honour for me,I believe I am the first from Assam/North East to be in RS from Bengal.
I will continue to work for the people & their greater interest. pic.twitter.com/om1ZLngBgq
বৰাকৰ পৰা যাত্ৰা আৰম্ভ কৰিয়েই তৃণমূল কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব বুলি হুংকাৰ দিয়ে সুস্মিতাই।
তেওঁ কয়- সাম্প্ৰতিক ৰাজনীতিত নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক প্ৰত্যাহ্বান জনাব পৰা একমাত্ৰ নেত্ৰী হ’ল মমতা বেনাৰ্জী।
লগতে অসম চুক্তিক লৈ মুখ্যমন্ত্ৰীক নাটক নকৰিবলৈ আহ্বান জনাই সুস্মিতা দেৱে।









