হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰক দাবী এইগৰাকী মুখ্যমন্ত্ৰীৰ…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল।

উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল।

আনকি ৰাহুল গান্ধীৰ পিতৃ পৰিচয় কি বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল।

যাৰ পৰিপেক্ষিতত দেশজুৰি কংগ্ৰেছৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ৰাহুল গান্ধীৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী জনাইছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে।

মুখ্যমন্ত্ৰী ৰাৱে কয়, ‘মোদীজী! এয়া আমাৰ ভাৰতীয় সংস্কৃতি নেকি?। বেদ, মহাভাৰত, ৰামায়ণ আৰু ভাগৱত গীতাত এয়া শিকোৱা হৈছে নেকি ? মই বিজেপি সভাপতি নাড্ডাজীক সুধিছো। এইটো আমাৰ সংস্কৃতি নেকি? আপুনি তেওঁক বৰ্খাস্ত কৰক। মই দাবী জনাইছো…। এজন মুখ্যমন্ত্ৰীয়ে এনেদৰে কথা কয় নেকি? ইয়াৰ সীমা থকা উচিত। আপুনি অহংকাৰী নেকি? জনসাধাৰণ নীৰৱ হৈ থাকিব বুলি ভাবে নেকি?’

Stall all illegal water projects, Telangana CM KCR warns AP

লগতে তেওঁ কয়- ‘এয়া বিজেপিৰ সংস্কৃতি নেকি? এয়া হিন্দু ধৰ্ম আৰু ভাৰতীয় সংস্কৃতি নেকি? ভাৰতীয় হিচাপে মই দাবী জনাইছো। মই লজ্জিত অনুভৱ কৰিছো। এইটো দেশৰ বাবে ভাল নহয়। আপুনি ভাবে নেকি যে আমি হাত সাৱটি বহি থাকিম?’ 

Leave a Comment