হিন্দুক ধৰ্মান্তৰকৰণৰ চেষ্টা! কৰিমগঞ্জত খ্ৰীষ্টিয়ান যুৱকক আটক কৰি আৰক্ষীক গতাই দিলে বজৰংগ দলে

নিউজ ডেস্কঃ বৰাকত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন আৰু হিন্দুক ধৰ্মান্তৰকণৰ অভিযোগেৰে উত্তাল হৈ পৰিছে কৰিমগঞ্জ। মিজোৰামৰ পৰা অহা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে হিন্দু ধৰ্মৰ লোকৰ ঘৰে ঘৰে গৈ ধৰ্মপুথি বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে হিন্দু সংগঠনে।

শেহতীয়াকৈ সোমবাৰে বজৰংগ দলে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলোৱাৰ অভিযোগত এজন যুৱকক আটক কৰি চমজাই দিয়ে আৰক্ষীয়ে। অভিযোগ অনুসৰি, মিজোৰামৰ এই খ্ৰীষ্টান ধৰ্মাৱলম্বী যুৱকনজে কৰিমগঞ্জৰ লগতে সমগ্ৰ বৰাকত হিন্দুক ধৰ্মান্তৰকৰণৰ চেষ্টা চলাইছিল।

photo1657004445
হিন্দুক ধৰ্মান্তৰকৰণৰ চেষ্টা! কৰিমগঞ্জত খ্ৰীষ্টিয়ান যুৱকক আটক কৰি আৰক্ষীক গতাই দিলে বজৰংগ দলে 3

খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে হিন্দু লোকৰ ঘৰে ঘৰে গৈ খ্ৰীষ্টান ধৰ্মপুথি বিতৰণ কৰি আহিছিল আৰু হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছিল।

photo1657003000 1
হিন্দুক ধৰ্মান্তৰকৰণৰ চেষ্টা! কৰিমগঞ্জত খ্ৰীষ্টিয়ান যুৱকক আটক কৰি আৰক্ষীক গতাই দিলে বজৰংগ দলে 4

এই সন্দৰ্ভত হিন্দু সংগঠন বজৰংগ দলে খবৰ লাভ কৰাৰ পিছতে সৰিষাত এজন খ্ৰীষ্টান ধৰ্মৰ যুৱকক আটক কৰি পিছত আৰক্ষীৰ হাতত চমজাই দিয়ে।

সমগ্ৰ ঘটনাক কেন্দ্ৰী কৰি কৰিমগঞ্জত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।