হিন্দী ছবি জগতত জিলিকিছে অসমৰ চিন্ময় ৰাভা, উৎফুল্লিত অঞ্চলবাসী…

হিন্দী ছবি জগতত জিলিকিছে অসমৰ চিন্ময় ৰাভা।

গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁও বেল্ডংপাৰা।

এই গাঁৱৰে এটি অতি দুখীয়া পৰিয়ালৰ সন্তান চিন্ময় ৰাভা বৰ্তমান চৰ্চিত হৈ পৰিছে হিন্দী চিনেমা জগতত।

image 188
হিন্দী ছবি জগতত জিলিকিছে অসমৰ চিন্ময় ৰাভা, উৎফুল্লিত অঞ্চলবাসী... 3

শেহতীয়াকৈ অসমত চিত্রগ্রহণ চলি থকা বলীউড কুইনখ্যাত কংগনা ৰানাৱতৰ ‘ইমাৰজেঞ্চী’ নামৰ চিনেমাখনৰ সহযোগী কেমেৰা পাৰ্চনৰ দায়িত্ব লাভ কৰিছে চিন্ময় ৰাভাই।

ইয়াকে লৈ চিন্ময় ৰাভা বিশেষভাৱে চৰ্চিত হৈ পৰিছে চিনেমা জগতত।

উল্লেখ্য যে, বহু কষ্টেৰে কেমেৰা ক্ৰয় কৰি অসমীয়া গানৰ ভিডিঅ’ তথা চিনেমা জগতত কেমেৰা পাৰ্ছন হিচাপে কাম কৰি আহিছিল চিন্ময় ৰাভাই।

image 189
হিন্দী ছবি জগতত জিলিকিছে অসমৰ চিন্ময় ৰাভা, উৎফুল্লিত অঞ্চলবাসী... 4

শেহতীয়াভাৱে বলিউডৰ চিনেমাত কাম কৰাৰ সুযোগ পোৱাত আনন্দত আত্মহাৰা হৈ পৰিছে যুৱকজন।

দুধনৈ অঞ্চলবাসীও চিন্ময়ৰ কৰ্মৰাজিৰ শলাগ হৈছে।

সংস্কৃতিপ্রেমী ৰাইজে চিন্ময় ৰাভাক শুভেচ্ছা জনোৱাৰ লগতে উজ্জ্বল ভবিষ্যৎ কামনা কৰিছে।