বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত প্ৰচণ্ড খুন্দা বাহনৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত প্ৰচণ্ড খুন্দা বিবাহ যাত্ৰীৰ বাহনৰ।

হাজোৰ খোপনিকুছিৰ মৌজাদাৰ পামত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী এখন বৰ যাত্ৰীৰ লগত অহা মেজিক ভানে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ দাঁতিত থকা গছত।

নলবাৰীৰ বাঁহজানীৰ পৰা গুৱাহাটীৰ গড়চুকলৈ বিয়া কৰাবলৈ বুলি গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহনখন।

বাহনখনত থকা মুঠ ৮ জন বিবাহযাত্ৰীৰ এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছে।

GMCH লৈ প্ৰেৰণ কৰা যুৱকজন বাঁহজানী অগ্নিশালাৰ ধীৰাজ তালুকদাৰ।