ৰাষ্ট্ৰীয়অসমীয়া

হাৱালা লেনদেন! কেজৰিৱাল চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ ইডিৰ

নিউজ ডেস্ক। পুনৰ প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ ৰ লক্ষ্য হৈ পৰিল দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন।

সংস্থাটােৱে ২੦১৭ বছৰতে ৰুজু কৰা ধন শোধনৰ এটা গােচৰ সন্দৰ্ভত সােমবাৰে বিয়লি গ্ৰেপ্তাৰ কৰে মন্ত্ৰীগৰাকীক।

অভিযােগ অনুসৰি, ২੦১৮ চনত সত্যেন্দ্ৰ জৈনে দিল্লী চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী হৈ থকা সময়ত ভুৱা কােম্পানীলৈ বৃহৎ পৰিমাণৰ ধন বিভাগীয়ভাৱে আবন্টন দিয়া হৈছিল।

1 1

এই সন্দৰ্ভত ইডিয়ে গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে সােমবাৰে বিয়লি সােধপােচৰ বাবে মন্ত্ৰীগৰাকীক তলব কৰিছিল সংস্থাটােৱে।

জেৰাৰ পিছতে তেওঁ গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে আগন্তুক হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন বাবে আপৰ পৰ্যবেক্ষক হিচাপে দলে নিযুক্ত কৰিছে সত্যেন্দ্ৰ জৈনক।

তেনে পৰিপ্ৰেক্ষিততে দলে এই ঘটনাক ৰাজনৈতিকভাৱে প্ৰৰােচিত বুলি দাবী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *