হায়দৰাবাদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তাত বিসংগতি! কনভয়ৰ সন্মুখত হঠাৎ আহি ৰ’লহি TRS নেতাৰ বাহন

নিউজ ডেস্কঃ হায়দৰাবাদ ভ্ৰমণৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কনভয়ৰ সন্মুখত ৰৈ গ’ল এগৰাকী টিআৰএছ নেতাৰ বাহন। গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত সংঘটিত নিৰাপত্তাৰ ক্ৰুটিয়ে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অমিত শ্বাহৰ কনভয়ৰ সন্মুখত বাহন ৰখোৱা টিআৰএছ নেতাগৰাকীৰ পৰিচয় গোসুলা শ্ৰীনিৱাস বুলি জানিব পৰা গৈছে। অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে তাৎক্ষণিকভাৱে কনভয়ৰ সন্মুখৰ পৰা গাড়ীখন আঁতৰাই পেলায়।

photo1663414902
হায়দৰাবাদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তাত বিসংগতি! কনভয়ৰ সন্মুখত হঠাৎ আহি ৰ’লহি TRS নেতাৰ বাহন 3

ইফালে গোসুলা শ্ৰীনিৱাসে জানিবলৈ দিয়া মতে, তেওঁ যাত্ৰা কৰি থকাৰ সময়ত ভুলবশতঃ গৃহমন্ত্ৰীৰ কনভয়ৰ সন্মুখত তেওঁৰ বাহনখন বন্ধ হৈ পৰিছিল। কিন্তু তেওঁ কিবা বুজি পোৱাৰ পূৰ্বেই গৃহমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে তেওঁৰ বাহনখনত আক্ৰমণ কৰি ভাঙি পেলায়।

নিৰাপত্তাৰক্ষীৰ এনে কাৰ্যৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিব বুলিও জানিবলৈ দিয়ে শ্ৰীনিৱাসে।

image 132
হায়দৰাবাদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তাত বিসংগতি! কনভয়ৰ সন্মুখত হঠাৎ আহি ৰ’লহি TRS নেতাৰ বাহন 4

প্ৰণিধানযোগ্য যে, ২০১৯ চনত অমিত শ্বাহ গৃহমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰা হয়। শ্বাহক ব্ৰিফকেছৰ বেলিষ্টিক শ্বিল্ডৰ কভাৰৰ লগতে জেড প্লাছ ছিকিউৰিটিও প্ৰদান কৰা হয়। জেড প্লাছ নিৰাপত্তাৰ অধীনত শ্বাহৰ লগত সকলো সময়তে থাকে ২৪ৰ পৰা ৩০জন কমাণ্ডো।

উল্লেখ্য যে, ১৩ দিনৰ ভিতৰত অমিত শ্বাহৰ নিৰাপত্তাৰ ক্ৰুটিৰ এইটো দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে ৪-৫ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত শ্বাহৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিসংগতি ঘটিছিল। শ্বাহৰ মুম্বাই ভ্ৰমণৰ সময়ত এজন সন্দেহযুক্ত লোকে কেইবা ঘণ্টা ধৰি তেওঁৰ চাৰিওফালে ঘূৰি ফুৰিছিল। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লোকজনক।