পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত দাগ।
স্বয়ং গৃহৰক্ষী বাহিনীৰ মহিলা জোৱানৰ ঘৰত জব্দ নিষিদ্ধ ড্ৰাগছ।
বৰপেটাত গৃহৰক্ষী বাহিনীৰ মহিলা জোৱানৰ ঘৰৰ পৰা জব্দ হৈছে নিষিদ্ধ ড্ৰাগছ।
জব্দ কৰা হৈছে প্ৰায় ৩৫ গ্ৰাম ব্ৰাউন ছুগাৰ।
গৃহৰক্ষী জোৱান মীৰা দাসৰ বৰপেটাৰ কৰেৰতলস্থিত নিজ গৃহত বৰপেটা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি।
আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ লগতে নগদ ধন প্ৰায় ৭০ হাজাৰ টকাও জব্দ কৰিছে।
গৃহৰক্ষী মীৰা দাসৰ লগতে মীৰা দাসৰ বোৱাৰী হিমাশ্ৰী দাস আৰু হিমাংশু দাস নামৰ এজন যুৱক ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰিছে আৰক্ষীয়ে।
মীৰা দাস বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰক্ষী চকীত নিয়োজিত হৈ আছিল।
সম্প্ৰতি গৃহৰক্ষী মহিলা জোৱান মীৰা দাস, মীৰা দাসৰ বোৱাৰী হিমাশ্ৰী দাস আৰু হিমাংশু দাসক বৰপেটা সদৰ থানাত জেৰা অব্যাহত ৰাখা হৈছে।









