ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।
এইবাৰ আৰক্ষীৰ গুলীত নিহত প্ৰফেশ্যনেল কিলাৰ বিহাৰৰ মোহন কুমাৰ।
লামডিঙৰ অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীক গুলীওৱা ঘটনাৰ সৈতে জড়িতৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল মোহন কুমাৰক।
বিহাৰৰ পৰা অসমলৈ আহি বিভিন্ন অপৰাধজনীত কাামত জড়িত আছিল মোহন কুমাৰ।
জানিব পৰা মতে, নিশা আৰক্ষীয়ে মোহনক লৈ গৈছিল লুুকুৱাই থোৱা অস্ত্ৰ দেখুৱাবলৈ।
কিন্তু হঠাতে এটা মাৰণাস্ত্ৰ উলিয়াই মোহনে আৰক্ষীক গুলীচালনা কৰিবলৈ উদ্যত হয়।
প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত গুৰতৰভাৱে আহত হয় মোহন।
পৰৱৰ্তী সময়ত মোহনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে মোহনক।
ইপিনে আৰক্ষীয়ে মোহনে লুকুৱাই থোৱা দুটা হস্তনিৰ্মিত বন্দুক আৰু এটা পইণ্ট থ্ৰী টু পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
লামডিঙৰ তৰুণ চক্ৰৱৰ্তীৰ হত্যাত অভিযুক্ত আছিল বিহাৰৰ মোহন কুমাৰ। শনিবাৰে নিশা গ্ৰেপ্তাৰ হৈছিল মোহন কুমাৰ। গ্ৰেপ্তাৰ কৰিছিল নিউ বঙাইগাঁও ৰে’ল আৰক্ষীয়ে।
নামনিমুৱা বিকানেৰ এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মোহনক। বহিঃৰাজ্যলৈ গৈ থকাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল মোহন কুমাৰক।









