হাতৰ ৰঙা গোলাপ যাঁচি ৰাহুল গান্ধীৰ সৈতে খোজত খোজ মিলালে অভিনেত্ৰী স্বাৰা ভাস্কৰে, চামিল হ’ল ‘ভাৰত জোড়ো’ যাত্ৰাত…

নিউজ ডেস্কঃ হাতৰ ৰঙা গোলাপ ৰাহুল গান্ধীলৈ আগবঢ়াই কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাত চামিল হ’ল বলিউডৰ আন এগৰাকী তাৰকা অভিনেত্ৰী।

পূজা ভাট, আমোল পালেকাৰৰ পিছত এইবাৰ মধ্য প্ৰদেশত ৰাহুল গান্ধীৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িল বলিউডৰ অভিনেত্ৰী স্বাৰা ভাস্কৰে।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো’ যাত্ৰাই বৃহস্পতিবাৰে অতিক্ৰম কৰে ৮৩ টা দিন।

৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই ইতিমধ্যে দেশবাসীৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান মধ্যপ্ৰদেশৰ উজ্জীয়ন হোৱা ৰাহুল গান্ধীৰ যাত্ৰাত চামিল হ’বলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ নাগৰিক।

বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক ধ্ৰুৱীকৰণ, মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰিবলৈ আৰম্ভ হৈছিল এই বিশাল পদযাত্ৰাৰ।

ইফালে বৃহস্পতিবাৰে উজ্জীয়নত ভাৰত জোড়ো যাত্ৰাত অংশ লৈ ৰাহুল গান্ধীক এপাহ ৰঙা গোলাপ উপহাৰ দিয়ে অভিনেত্ৰী স্বাৰা ভাস্কৰে।

টুইটাৰত লগতে তেওঁ কেইবাখনো ফটো শ্বেয়াৰ কৰি সকলোকে এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।