নিউজ ডেস্কঃ কেতিয়াবা যদি পিঠিত চাউলৰ বস্তা, আন কেতিয়াবা আকৌ স্কুলৰ শিক্ষকৰ ৰূপত তেওঁ।
কেতিয়াবা যদি খিকখিক হাঁহি, আন কেতিয়াবা আকৌ ভাওনাৰ সাজত চৰ্চিত হৈ পৰে তেওঁ।
মুঠতে চৰ্চা লাভৰ বাবে কি পন্থা গ্ৰহণ নকৰে তেওঁ। ক্ষমতাৰ দম্ভালি আৰু তৈলমৰ্দনৰ ৰাজনীতিৰে তেওঁ এতিয়া অসমৰ এগৰাকী পৰিপক্ক ৰাজনীতিবিদ।
এতিয়া পুনৰ এবাৰ চৰ্চিত হৈ পৰিছে তেওঁ। খেনোৱে কৈছে- এয়া তেওঁৰ তৈলমৰ্দন, আন খেনোৱে কৈছে- ৰাজনীতিক তৰল কৰি পেলাইছে তেওঁ।
পূৰ্বে যিটো ৰাজনৈতিক দলৰ পৰা তেওঁ বিধায়ক আছিল, জীৱনে মৰণে সেই দলটোৰ হৈয়ে কাম কৰি যোৱাৰ প্ৰতিজ্ঞাৰ কথা কেমেৰাৰ সন্মুখতো কৈছিল।
কিন্তু চৰকাৰ সলনিৰ লগে লগে সলনি হ’ল তেওঁৰ মনো। এতিয়া তেওঁ শাসকীয় দলৰ বিধায়ক।
সেয়ে ক্ষমতাৰ বাবে, নিজৰ লাভৰ বাবে কেতিয়াবা তেওঁ নকবলগীয়া কথাও কৈ পেলায়।
হিন্দুত্ববাদৰ সৈতে তেওঁৰ সম্পৰ্ক নতুন। পূৰ্বে যিটো ৰাজনৈতিক দলত তেওঁ আছিল তাত হয়তো ধৰ্মীয় ৰাজনীতিৰ প্ৰভাৱ ইমান নাছিল।
এতিয়া সেই হিন্দুত্ববাদতে মোহবিষ্ট হৈ মুখ্যমন্ত্ৰীক তেওঁ ভগৱান বিষ্ণুৰ অৱতাৰ বুলি ক’বলৈও কুণ্ঠাবোধ নকৰে।
অৱশ্যে বৰ্তমানৰ ৰাজনীতিত নেতা-মন্ত্ৰীক ভগৱানৰ মৰ্যাদা প্ৰদান কৰাটো নতুন কথা নহয়।
ৰাষ্ট্ৰীয় ৰাজনীতিত ৯ বছৰ পূৰ্বেও সেই প্ৰথা আৰম্ভ হৈছিল। এতিয়া অসমতো আৰম্ভণি কৰিলে তেওঁ।
কিছুদিন পূৰ্বে তেওঁ মুখ্যমন্ত্ৰীক কলিযুগত ভগৱান বিষ্ণুৰ অৱতাৰ বুলি তেওঁ প্ৰশংসা কৰিছিল। আজিও পুনৰ কৰিলে।
বৰং এখোপ আগুৱাই গৈ মুখ্যমন্ত্ৰীক সমালোচনা কৰা সকলক ‘কুকুৰ’ বুলিও কৈ পেলালে।
তেওঁৰ ভাষাত -হাতী গৈ থাকিলে কুকুৰে ভুকেই। মুখ্যমন্ত্ৰীয়ে হাতীৰ দৰে আগলৈ গৈ আছে..।
যদি মুখ্যমন্ত্ৰী হাতী, তেন্তে কুকুৰ কোন? তেওঁ যি বুজাব বিচাৰিছে, সেয়া নিশ্চয় বুজি পোৱাত অসুবিধা নহয় কাৰো।
শিলসাঁকো উচ্ছেদক লৈ চৰকাৰৰ বিৰুদ্ধে উদ্গীৰণ ঘটা একাংশৰ ক্ষোভ আৰু আক্ষেপৰ মাজতে তেওঁ এনে মন্তব্য কৰে।
বৰ্তমান সময়ত চৰকাৰ বিৰোধী তন্ত্ৰক হেয় প্ৰতিপন্ন কৰোৱাটো নতুন কথা নহয়।
কেতিয়াবা যদি বাহুবলেৰে, কেতয়াবা ক্ষমতাৰে আৰু কেতিয়াবা কথাৰে সমালোচনাকাৰী সকলক ‘শিক্ষা’ দিয়াৰ এক নতুন পৰম্পৰা আৰম্ভ হৈছে।
অৱশ্যে অসমৰ ৰাজনীতিত সেই পৰম্পৰাই বৰ বেছি প্ৰভাৱ পেলাব পৰা নাছিল। কিন্তু এতিয়া তেওঁ তেওঁৰ দৰে একাংশ জন প্ৰতিনিধি এই কামতেই নিমজ্জিত হৈ পৰিছে যে কেনেকৈ বিৰোধীক দমন কৰিব পাৰি।
তেওঁ এইটো দলত নতুন। যদিও ক্ষমতা তেওঁৰ হাতত আগৰে পৰাই আছিল, তথাপিও নতুন দলটোত তেওঁৰ স্থান নিগাজি কৰিবলৈ তেওঁ উঠি-পৰি লাগিছে।
ৰজাৰ বিস্বস্ত হোৱাৰ চেষ্টাত তেওঁ কোনো ক্ৰুটি ৰখা নাই।
ইয়ে হয়তো তেওঁৰ ৰাজনৈতিক জীৱনত সহায় কৰিব। আজি তেওঁ বিধায়ক, কাইলৈ হয়তো মন্ত্ৰী হ’ব পাৰিব।
কিন্তু তেওঁৰ এই আচৰণ, কৰ্মকাণ্ডই অসমৰ ৰাজনীতিক কোন দিশে লৈ গৈছে, সেয়া বাৰু কোনে ভাৱিব?









