অসম

হাতত কেমেৰা লৈ দখলকাৰীক আক্ৰমণ কৰাজন প্ৰশাসনৰ কেমেৰা মেন, নহয় সাংবাদিক…

দৰং জিলাৰ ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত উত্তপ্ত পৰিস্থিতি।

উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান দখলকাৰীৰ।

উচ্ছেদৰ সময়ত একাধিক প্ৰতিবাদকাৰী আৰু দুজন আৰক্ষী আহত।

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তয়াময়া ৰণ। শূন্যলৈ গুলীচালনা আৰক্ষীৰ। আৰক্ষীলৈ শিল নিক্ষেপ প্ৰতিবাদকাৰীৰ।

এই সংঘাটৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত।

আৰক্ষীৰ লগতে হাতত কেমেৰা লৈ থকা এজন ব্যক্তিয়েও দখলকাৰী লোকক আক্ৰমণ কৰা দৃশ্যই এতিয়া তোলপাৰ লগাইছে ৰাজ্য।

হাতত কেমেৰা লৈ থকা ব্যক্তিজন সাংবাদিক বুলি চৰ্চা হৈছে সামাজিক মাধ্যমত।

প্ৰকৃততে হাতত কেমেৰা লৈ থকা ব্যক্তিজন সাংবাদিকৰ পৰিৱৰ্তে প্ৰশাসনৰ লোক বুলি হে জানিব পৰা গৈছে।

জানিব পৰা মতে তেওঁৰ নাম বিজয় বনিয়া।

আৰক্ষী তথা প্ৰশাসনে ঘটনাস্থলীৰ ফটো সংগ্ৰহ কৰিবলৈ লগত লৈ গৈছিল সেই বিজয় বনিয়াক।

ADC পল্লৱী কছাৰীৰ অধীনত আছিল বিজয় বনিয়া।

ZONE 3 ৰ ফটো লোৱাৰ দায়িত্বত আছিল বিজয়।

Leave a Reply

Your email address will not be published. Required fields are marked *