অসম

আৰক্ষীৰ বৃহৎ সফলতা, নতুন বিদ্ৰোহী সংগঠন ULBৰ ৯ গৰাকী সদস্যক আটক…

অসম আৰক্ষীৰ বৃহৎ সফলতা।

বড়োলেণ্ডৰ নতুন বিদ্ৰোহী সংগঠন ULBৰ ৯ গৰাকী সদস্যক আটক।

লগতে আৰক্ষীয়ে জব্দ কৰে বহু পৰিমাণৰ নথিপত্ৰ।

বুধবাৰে নিশাও আৰক্ষীয়ে বিদ্ৰোহী সংগঠনটোৰ দুজনক আটক কৰিবলৈ সক্ষম হৈছিল।

অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালত প্ৰধান জি পি সিঙে টুইটযোগে এই কথা সদৰি কৰিছে।

বাক্সাত নিশা আৰক্ষীৰ অভিযানত অস্ত্ৰ সহ দুজন ULBৰ কেডাৰ আটক হৈছিল।

আৰক্ষীৰ এটা অভিযানকাৰী দলে তামুলপুৰৰ নাগ্ৰীজুলি, গোৰেশ্বৰৰ দেউচুঙা, কুমাৰীকাটা, শুৱাগপুৰ আদি অঞ্চলত বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে অভিযান চলায়।

আৰক্ষীৰ হাতত আটক হোৱা ULBৰ সদস্য দুজন ওদালগুৰি জিলাৰ দেউচুঙাৰ দীপক থাপা(৩৬) আৰু বাক্সা জিলাৰ দাউৰাঝাৰ গৈৱাৰীৰ দাংচৌৰাং বসুমতাৰী(২১) ওৰফে চেৰ্পা বুলি চিনাক্ত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *