হাঁহি ঘূৰি আহিছে মইনা নায়কৰ মুখলৈ, হাস্পতালৰ কোঠাৰ ভিতৰতে লাহে লাহে খোজ কাঢ়িছে মইনাই…

ক্ৰমাৎ সুস্থ হৈ উঠিছে মইনা নায়ক।

হাস্পতালৰ কোঠাৰ ভিতৰতে লাহে লাহে খোজ কাঢ়িছে মইনাই। মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি।

বিগত ১০ দিন জিএমচিএইচৰ চিকিৎসাধীন হৈ থকা মইনা নায়ক এতিয়া বহু পৰিমাণে সুস্থ।

চিকিৎসকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে মইনাই এতিয়া হাস্পতালৰ বিছনাত বহিছে, লাহে লাহে খোজ কাঢ়িছে।

image 304
হাঁহি ঘূৰি আহিছে মইনা নায়কৰ মুখলৈ, হাস্পতালৰ কোঠাৰ ভিতৰতে লাহে লাহে খোজ কাঢ়িছে মইনাই... 3

আনকি খবৰ ল’বলৈ যোৱা মানুহক হাঁহিৰে সম্ভাষণ জনাইছে মইনাই।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক মইনা নায়কে বাগিচাৰ চিটিচি কাটিং মেচিনত সোমাই পৰিছিল।

যাৰ ফলত লাওখোলা এৰাই যোৱাৰ লগতে এখন হাত ভাগিছিল মইনা নায়কৰ।

সংকটজনক অৱস্থাত মইনা নায়কক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।

অৱশেষত চিকিৎসকৰ অক্লান্ত চেষ্টাত মৃত্যুক জয় কৰিবলৈ সক্ষম হৈছে মইনা নায়কে।

image 303
হাঁহি ঘূৰি আহিছে মইনা নায়কৰ মুখলৈ, হাস্পতালৰ কোঠাৰ ভিতৰতে লাহে লাহে খোজ কাঢ়িছে মইনাই... 4

অসমৰবাসীৰ প্ৰাৰ্থনা আৰু জিএমচিএইচৰ চিকিৎসকৰ চেষ্টাত শীঘ্ৰে মইনাই স্বাভাৱিক জীৱনলৈ উভতি আহিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে সকলোৱে।

মইনাৰ এই হাঁহি চিৰস্থায়ী হওক, শীঘ্ৰে স্বাভাৱিক জীৱনলৈ উভতি আহক মইনা।