বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত আজি পুনৰ অৱতীৰ্ণ হ’ব আন এগৰাকী অসম কন্যা।
লাভলীনা বৰগোহাঁইয়ে কমনৱেলথ গেমছত জয়েৰে যাত্ৰা আৰম্ভ কৰাৰ পিছতে আজি পদক জয়ৰ আশাৰে খেলত অৱতীৰ্ণ হ’ব পপী হাজৰিকা।
ভাৰোত্তোলনৰ ৫৯ কেজি শাখাত আন কেইবাখনো দেশৰ ১১ গৰাকী খেলুৱৈৰ সৈতে পদক লাভৰ বাবে প্ৰতিদ্বন্দিতা কৰিব অসমৰ পপীয়ে।
ভাৰতীয় সময় অনুসৰি বিয়লি ৬.৩০ বজাত খেলত অৱতীৰ্ণ হ’ব পপী।
ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰা অসমৰ সাতজন খেলুৱৈৰ ভিতৰত প্ৰতিভাবান পপী হাজৰিকাৰ পদক লাভৰ সম্ভৱনা প্ৰবল।
সৰুতেই পিতৃক হেৰুওৱা অতি দুখীয়া পৰিয়ালৰ সন্তান পপীয়ে এক কণ্টকময় যাত্ৰাৰে ভাৰতৰ হৈ কমনৱেলথ গেমছত সুযোগ পোৱাত উৎফুল্লিত নামতি বাসী।
পপীয়ে পদক লাভৰ বাবে গাঁৱৰ ৰাইজ তথা পৰিয়ালে নামঘৰত শৰাই আগবঢ়োৱাৰ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
ইপিনে ভিডিঅ’ কল যোগে গাৱৰ ৰাইজৰ লগত কথা পাতি আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে ৰাজ্যবাসীৰ পৰাও আশিস বিচাৰিছে পপীয়ে।









