ৰাষ্ট্ৰীয়অসমীয়া

হঠাৎ অধিনায়কত্ব এৰিলে বিৰাট কোহলীয়ে! কি ক’লে সৌৰভ গাংগুলী, জয় শ্বাহে?

দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰতৰ টেষ্ট শৃংখলা অন্ত পৰাৰ পিছতে বিৰাট কোহলীৰ টেষ্ট দলৰ অধিনায়কত্ব ত্যাগৰ ঘটনাই অনুৰাগীসকলক আচম্বিত কৰিছে। বিচিচিআইয়ে ভাৰতীয় টেষ্ট ইতিহাসৰ আটাইতকৈ সফল অধিনায়ক বিৰাট কোহলীৰ সিদ্ধান্তক আদৰণি জনাইছে আৰু এয়া কেৱল ক্ৰিকেটাৰগৰাকীৰ নিজা সিদ্ধান্ত বুলি অভিহিত কৰিছে।

FJJaws6ak-AU8g-X1

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী, বোৰ্ডৰ সচিব জয় শ্বাহে শনিবাৰে বিৰাট কোহলীৰ বিষয়ে টুইট কৰে আৰু অধিনায়ক হিচাপে তেওঁৰ কৰ্মজীৱনৰ বাবে অভিনন্দন জনায়।

কিন্তু এতিয়া বিচিচিআইয়ে বিৰাট কোহলীৰ ওপৰত এক বিতং বিবৃতি জাৰি কৰিছে। বিচিচিআইয়ে বিবৃতিত কয় যে পৰিষদে বিৰাট কোহলীক টেষ্ট দলৰ অধিনায়ক হিচাপে তেওঁৰ কেৰিয়াৰৰ বাবে অভিনন্দন জনাইছে। বিচিচিআই আৰু বাছনি সমিতিয়ে বিৰাট কোহলীৰ সিদ্ধান্তক সম্পূৰ্ণ সন্মান কৰে।

উল্লেখ্য যে, বিৰাট কোহলী ভাৰতীয় ক্ৰিকেট ইতিহাসৰ আটাইতকৈ সফল টেষ্ট অধিনায়ক। মহেন্দ্ৰ সিং ধোনীৰ পৰা দায়িত্ব লোৱাৰ পিছত, বিৰাট কোহলীয়ে ৬৮ খন টেষ্টত অধিনায়কত্ব কৰে আৰু ৪০ খনত জয়ী হয়। বিৰাট কোহলীৰ জয়ৰ হাৰ 58.82 শতাংশ।

FJKQ2c-Pag-AIe-Qf-I

বিচিচিআইয়ে কয় যে বিৰাটৰ নেতৃত্বত, ভাৰতে ২০১৮ চনত অষ্ট্ৰেলিয়াত এক ঐতিহাসিক শৃংখলা দখল কৰিছিল। তদুপৰি ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি টেষ্ট ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছিল ভাৰতীয় দল। কোহলীয়ে ঘৰুৱা খেলত ৩১ খন খেলত নেতৃত্ব প্ৰদান কৰি ২৪ খনতে জয়ী হয়। মাত্ৰ ২ খন টেষ্টত পৰাস্ত হয় কোহলী।

ইফালে, কোহলীয়ে টেষ্ট দলৰ অধিনায়কত্ব এৰাৰ ঘোষণা কৰাৰ পিছতে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে টেষ্ট দলৰ অধিনায়ক হিচাপে তেওঁৰ অৱদানৰ বাবে তেওঁ বিৰাট কোহলীক ধন্যবাদ জনায়। গাংগুলীয়ে কয় যে কোহলীৰ নেতৃত্বত ভাৰতে ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটত সফলতা অৰ্জন কৰিছে। এইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত আৰু বিচিচিআইয়ে তেওঁক সন্মান কৰে। তেওঁ ভাৰতীয় দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য হৈ থাকিব, নতুন অধিনায়কৰ সৈতে মিলি তেওঁ দলটোক আগুৱাই নিব।

বিচিচিআইৰ সচিব জয় শ্বাহে বিৰাট কোহলীৰ সিদ্ধান্তৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিৰাট কোহলী ভাৰতীয় ক্ৰিকেট ইতিহাসৰ আটাইতকৈ উজ্জ্বল অধিনায়কসকলৰ মাজৰ এজন। অধিনায়ক হিচাপে বিৰাট কোহলীৰ অভিলেখ উচ্চ। বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকাৰ দৰে স্থানকে ধৰি বিদেশৰ মাটিত টীম ইণ্ডিয়াৰ ঐতিহাসিক জয়ৰ নেতৃত্ব দিছে।

প্ৰণিধানযোগ্য যে, বিচিচিআই আৰু বিৰাট কোহলীৰ মাজত বিগত কিছু সময়ৰ পৰা এক শীতল বিসম্বাদ পোহৰলৈ আহিছে। টি-২০ বিশ্বকাপৰ ঠিক পূৰ্বে, যেতিয়া বিৰাট কোহলীয়ে টি-২০ ফৰ্মেটৰ অধিনায়কত্ব ত্যাগ কৰিছিল, তাক লৈ যথেষ্ট বিতৰ্কৰ সূচনা হয়।

বিৰাট কোহলীয়ে হঠাতে অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত সৌৰভ গাংগুলীয়ে এক বিবৃতিত কয় যে তেওঁ আৰু নিৰ্বাচকসকলে বিৰাটক এনে নকৰিবলৈ আৰু বিশ্বকাপলৈ অপেক্ষা কৰিবলৈ আহ্বান জনাইছিল।

অৱশ্যে, যেতিয়া বিৰাট কোহলীয়ে দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে এখন সংবাদমেল সম্বোধন কৰে, তেতিয়া তেওঁ এই কথা স্পষ্ট কৰি কয় যে কোনেও তেওঁক অধিনায়কত্ব ত্যাগ নকৰিবলৈ আহ্বান জনোৱা নাছিল, বৰং পদত্যাগৰ সিদ্ধান্ত সকলোৱে আনন্দেৰে গ্ৰহণ কৰিছিল।

আনহাতে দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ আগতেই বিৰাট কোহলীক বিচিচিআইয়ে এদিনীয়া দলৰ অধিনায়কত্বৰ পৰাও অব্যাহতি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *