সৰ্বানন্দ সোণোৱালত কৈ হিমন্ত বিশ্ব শৰ্মা দুৰ্বল মুখ্যমন্ত্ৰীঃ সাংসদ আব্দুল খালেক…

ৰাজ্যৰ মাদ্ৰাছা বিতৰ্কক লৈ তুংগত উঠিছে শাসক-বিৰোধী বাকযুদ্ধ।

মোগলক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰা অব্দুল খালেকে এইবাৰ মাদ্ৰাছাত জেহাদীৰ ঘাটি সন্দৰ্ভক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰিছে তীব্ৰ সমালোচনা।

একপ্ৰকাৰ জেহাদীৰ প্ৰসংগ নস্যাৎ কৰি সংবাদমেল সম্বোধন কৰি সাংসদ গৰাকীয়ে কয়- মাদ্ৰাছাক লৈ বহু বিভ্ৰান্তিকৰ মন্তব্য কৰি আছে মুখ্যমন্ত্ৰীয়ে। গীতাত চুই মুখ্যমন্ত্ৰীয়ে সঁচা কথা কওক ক’ত জেহাদী আছে। যদি সঁচাকৈয়ে মাদ্ৰাছা আল কায়দাৰ ঘাটি হৈছে, তেন্তে হিমন্ত বিশ্ব শৰ্মা দুৰ্বল মুখ্যমন্ত্ৰী। সৰ্বানন্দ সোণোৱালতকৈ হিমন্ত বিশ্ব শৰ্মা দুৰ্বল মুখ্যমন্ত্ৰী।

তেওঁ কয়- ভাৰত, পাকিস্তান, বাংলাদেশ যদি একত্ৰিত হয় তেন্তে বহুত ভাল হ’ব ভাৰতীয় মুছলমানৰ। বিজেপিয়ে বিয়পাই থকা ঘৃণাৰ অৱসান ঘটিব। হিমন্ত বিশ্ব শৰ্মা মাজে মাজে গোপীনাথ বৰদলৈ হ’বলৈ যায়।

ইপিনে মাদ্ৰাছা সন্দৰ্ভত ডিজিপিৰ বৈঠকৰ বিৰোধীতা কৰি সাংসদগৰাকীয়ে কয় যে, ডিজিপিয়ে কেনেকৈ মাদ্ৰাছাৰ পাঠ্যক্ৰমক লৈ বৈঠক পাতিব পাৰে, তেওঁ আইন শৃংখলাৰ বিষয়ে বৈঠক পাতক।

হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বপুৰুষ কনৌজৰ পৰা আহিছিল বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

আনহাতে, ‘কা’ সন্দৰ্ভত খালেকে কয়- ‘কা’ৰ বিৰোধিতা কৰি আছিলো, কৰি যাম।