‘সৰ্প দংশন মানেই মৃত্যু নহয়’, বিশিষ্ট চিকিৎসক ডাঃ সুৰজিত গিৰিৰ ‘সাপ আৰু আমি’ শীৰ্ষক গ্ৰন্থ উন্মােচন…

‘সর্পদংশন মানেই মৃত্যু নহয়।’

এই উদ্দেশ্য সৰোগত কৰি ৰাইজক সজাগ আৰু সচেতন কৰাৰ বাবে বিশিষ্ট চিকিৎসক ডাঃ সুৰজিত গিৰিয়ে লিখি উলিয়াইছে এখন বিশেষ গ্ৰন্থ।

বিশিষ্ট চিকিৎসক ডাঃ সুৰজিত গিৰি গ্ৰন্থ খনৰ নাম হৈছে ‘সাপ আৰু আমি’।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত আয়োজিত গ্রন্থ উন্মোচনী সভাত ডাঃ সুৰজিত গিৰিৰ ‘সাপ আৰু আমি’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট ঔপন্যাসিক, সাহিত্য অকাডেমি বঁটা বিজয়ী, সাদিন আৰু সাতসৰীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীৰ।

অনুৰাধা শৰ্মা পূজাৰীয়ে কয়- সর্পদংশন মানেই মৃত্যু নহয়। আধুনিক চিকিৎসাৰ জৰিয়তে আক্রান্ত ৰোগী আৰোগ্য হ’ব পাৰে। সাপ সম্পৰ্কত সৰহ সংখ্যক লোকৰ মাজত প্রচলিত ভ্ৰান্ত ধাৰণা, অহেতুক ভয় আৰু সর্পদংশনৰ আধুনিক চিকিৎসাৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবে বহু লোকে সর্পদংশনত মৃত্যুক আঁকোৱালি ল’ব লগা হয়। বিশ্ব স্বাস্থ্য সংস্থায়ো সর্পদংশনক এক অৱহেলিত ক্রান্তীয় ৰোগ বুলি অভিহিত কৰিছে। এনে ধূসৰতাৰ মাজতে এগৰাকী চিকিৎসক সুৰজিত গিৰিয়ে নিৰবচ্ছিন্নভাৱে সৰ্পদংশনত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি আৰোগ্য কৰি তুলিছে। তেওঁৰ এই প্রয়াসে সমগ্ৰ অসমতে এক আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ ডিমৌ গ্রাম্য চিকিৎসালয়ৰ চিকিৎসক ডাঃ গিৰিয়ে সৰ্পদংশনত আক্ৰান্ত ৰোগীক প্ৰদান কৰা চিকিৎসা আৰু ৰোগী-চিকিৎসা কৰ্মীৰ জীৱন-মৰণ যুঁজৰ বাস্তৱ কাহিনীক ‘সাপ আৰু আমি’ কিতাপৰ ৰূপত ধৰি ৰাখিছে।

এই উন্মোচনী অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকি ক্ৰমে ভাৰতীয় চিকিৎসা সন্থা, অসমৰ সম্পাদিকা ডাঃ শিখা শৰ্মাৰ লগতে ঔপন্যাসিক মনালিছা শ‍ইকীয়াই বিষাক্ত সর্পদংশনৰ চিকিৎসা পদ্ধতি আৰু ইয়াৰ বাবে ৰাইজে ল’ব লগা সাৱধানতা সম্পৰ্কেও মন্তব্য কৰে।

পূৰ্বায়ন প্রকাশকৰ স্বত্বাধিকাৰ ড° অমৃত কুমাৰ উপাধ্যায়ে আদৰণী ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটো আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক পৰিৱেশবিদ জয়ন্ত কুমাৰ পাঠক আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা প্ৰজন্মা চহৰীয়াই যুটীয়াভাৱে পৰিচালনা কৰে।

ইপিনে, লেখকৰ মনৰ ভাব ব্যক্ত কৰি নিজৰ ডাঃ সুৰজিত গিৰীয়ে কয় যে ‘সাপ আৰু আমি’ গ্ৰন্থখন মূলতঃ সর্পদংশনত আক্ৰান্ত ৰোগীসকলৰ বাস্তৱ কাহিনীৰে সমৃদ্ধ এখন তথ্যভিত্তিক গ্রন্থ।

লগতে কয়- সর্পদংশনৰ পাছত ৰোগীসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল, অহেতুক ভয় আৰু অন্ধবিশ্বাসক আঁকোৱালি লৈ বিভিন্ন বেজ-বেজালিৰ কাষ চাপি ৰোগীসকল কি অৱস্থাত পৰিছিল, সেই অভিজ্ঞতাৰ লগতে আৰু জৰা-ফুঁকা, বেজ- বেজালিক নস্যাৎ কৰি চিকিৎসা বিজ্ঞানক আস্থাৰে আঁকোৱালি লোৱা বহু ৰোগীৰ মনৰ খবৰেৰে সমৃদ্ধ হৈ উঠিছে গ্ৰন্থখন।