দুৰ্গা পূজাৰ SOP- ১৬টা কঠোৰ নিৰ্দেশনা মানি পাতিব লাগিব পূজা, কি কি নিৰ্দেশনা আছে SOPত..?

সমাগত দুৰ্গা পূজা। গুৱাহাটীৰ পূজা সমিতিৰ সৈতে মহানগৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক।

দুৰ্গা পূজা উপলক্ষ্যে মহানগৰ প্ৰশাসনে মুকলি কৰিছে পূজাৰ SOP…

এইবাৰ পূজা সমিতিসমূহে মানিব লাগিব ১৬টাকৈ কঠোৰ নিৰ্দেশনা।

সেই অনুসৰি, প্ৰতিখন পূজা কমিটিয়ে স্থানীয় আৰক্ষীৰ পৰা ল’ব লাগিব অনুমতি।

ৰাস্তা বন্ধ কৰি পূজা মণ্ডপ নিৰ্মাণ কৰিব নোৱাৰিব।

প্ৰতিখন পূজা কমিটিয়ে CCTV লগাব লাগিব।

FirstAidৰ ব্যৱস্থা ৰাখিব লাগিব। 

নিজস্ব স্বেচ্ছাসেৱক থাকিব লাগিব ৷ স্বেচ্ছাসেৱকসকলে বেজ পৰিধান কৰিব লাগিব৷

প্ৰয়োজনতকৈ অধিক বেছি লাইটিং কৰিব নোৱাৰিব।

পূজা মণ্ডপৰ ওচৰে-পাঁজৰে পোহৰৰ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিব। 

সাংস্কৃতিক সন্ধিয়া মাজনিশালৈ নকৰিবলৈ আহ্বান। মাংগলিকভাৱে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ আহ্বান। ৯ বজাৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান শেষ কৰাৰ আহ্বান।

অগ্নিনিৰ্বাপনৰ প্ৰাথমিক ব্যৱস্থা পূজা সমিতিসমূহে নিজে ল’বলৈ লাগিব। 

মণ্ডপৰ সমুখত সভাপতি আৰু সম্পাদকৰ নাম আৰু ফোন নম্বৰ সম্বলিত বেনাৰ লগাই ৰাখিব লাগিব।

ডাষ্টবিন সঠিককৈ ব্যৱহাৰ কৰিব লাগিব। 

প্ৰদূষণমুক্ত সামগ্ৰীৰে নিৰ্মাণ কৰিব লাগিব মা দেৱীৰ মূৰ্তি।

শব্দ প্ৰদূষণ যাতে নহয় তাৰ প্ৰতিয়ো গুৰুত্ব দিবলৈ আহ্বান।

বিদ্যুতৰ সংযোগৰ বাবে APDCL কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিহে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 

বিশুদ্ধ খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ আহ্বান।

দেৱী বিসৰ্জনৰ কাম দিনৰ ভাগতে সামৰিবলৈ আহ্বান। কাছমাৰী ঘাট, পাণ্ডু ঘাট, চূণচালি ঘাটত হ’ব দেৱী বিসৰ্জন। কাছমাৰী ঘাটত নতুন এটা ঘাটৰ চিন্তা–চৰ্চা কৰি থকা হৈছে।