স্বয়ং বন মন্ত্ৰীৰ দেহৰক্ষীৰ বাসগৃহত বন বিভাগৰ অভিযান, উদ্ধাৰ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ…

ৰাজ্যৰ স্বয়ং বন মন্ত্ৰীৰ দেহৰক্ষীৰ বাসগৃহতে চলিল এিবাৰ বন বিভাগৰ অভিযান।

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দেহৰক্ষী তুষাৰ ৰয়ৰ ঘৰত চলিল বন বিভাগৰ অভিযান।

ধলাইৰ ধৰ্মি বজাৰত থকা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দেহৰক্ষী তুষাৰ ৰয়ৰ বাসগৃহত অভিযান চলাই বন বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ।

সোনাই ৰেঞ্জৰ এছ পাঠোৱাৰ নেতৃত্বত চলা অভিযানত ২১৯ টুকুৰা মূল্যবান কাঠ উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে।

জমা কৰি ৰখা কাঠ সমূহ সৰবৰাহৰ কাৰণে এনেদৰে ৰখা হৈছিল বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দেহৰক্ষী তুষাৰ ৰয়ৰ পত্নীৰ মালিকানাধীন কাঠফলা ডিপোতো অবৈধ কাঠফলা মেচিন জব্দ কৰা হৈছিল।

ধৰ্মিখালত থকা কাঠফলা ডিপোত বন বিভাগৰ অভিযান কালত জব্দ হৈছিল অবৈধ কাঠফলা মেচিন।

অবৈধ কাঠফলা ক’ল সমূহ আৰু অবৈধ কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ বন বিভাগ সক্ৰিয় হৈ থকাৰ সময়তে স্বয়ং বন মন্ত্ৰীৰ দেহৰক্ষীৰ ঘৰতে এনেদৰে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ জব্দ হোৱাৰ পাছত এতিয়া সাধাৰণ ৰাইজৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Comment