টেট পৰীক্ষাৰ বিসংগতি সম্পৰ্কত গঠন কৰা হ’ব তদন্ত কমিটীঃ শিক্ষামন্ত্ৰী

টেট পৰীক্ষাৰ বিসংগতিক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া।

টেটৰ ফলাফলক লৈ একাংশই আপত্তি কৰা বিষয়টোত গুৰুত্ব আৰোপ কৰি আজিৰ ভিতৰতে তদন্ত কমিটী গঠন কৰাৰ কথা উল্লেখ শিক্ষামন্ত্ৰীগৰাকীৰ।

উল্লেখ্য যে, ৩১ অক্টোবৰত অনুষ্ঠিত হোৱা প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট পৰীক্ষাৰ ফলাফল ১৫ ডিচেম্বৰত ঘোষণা কৰা হৈছিল।

পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই একাংশই ফলাফলৰ বিসংগতিক লৈ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

শেহতীয়াকৈ টেট পৰীক্ষাৰ বিসংগতি সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

তেওঁ পৰীক্ষাৰ্থীসকলক আশ্বাস প্ৰদান কৰি কয় যে, আজিৰ ভিতৰতে তদন্ত কমিটী গঠন কৰা হ’ব। যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। এইসকলৰ অভিযোগসমূহ গুৰুত্ব সহকাৰে লৈ আগন্তুক সময়ত কাম কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, সোমবাৰে ছেবাৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল নিম্ন প্ৰাথমিক টেট পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে।

টেট পৰীক্ষাৰ ৰিজাল্টত ভুল উত্তৰত নম্বৰ দিয়াৰ বিপৰীতে শুদ্ধ উত্তৰ ভুল বুলি নম্বৰ নিদিয়াৰ অভিযোগ তুলিছিল একাংশই।

Leave a Comment