স্বামী হত্যাৰ অপৰাধত বিগত ৮ মাহ ধৰি কাৰাবন্দী ৰমাকান্তি! কাৰাগাৰৰ কুঠৰীতে জন্ম দিলে কন্যা সন্তান…

নিউজ ডেস্কঃ কাৰাগাৰৰ কুঠৰীতে সন্তান জন্ম দিলে এগৰাকী মহিলা কয়দীয়ে।

স্বামীক হত্যাৰ অপৰাধত বিগত ৮ মাহ ধৰি কাৰাবন্দী হৈ থকা মহিলা কয়দী গৰাকীয়ে শনিবাৰে এটি কন্যা সন্তান জন্ম দিয়ে কাৰাগাৰৰ চিকিৎসালয়ত।

উল্লেখ্যে যে, সুৰাপান কৰি অহাৰ বাবে স্বামীক মৰিয়াই হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল ঝান্সীৰ ৰমাকান্তি নামৰ মহিলাগৰাকী।

image 67
স্বামী হত্যাৰ অপৰাধত বিগত ৮ মাহ ধৰি কাৰাবন্দী ৰমাকান্তি! কাৰাগাৰৰ কুঠৰীতে জন্ম দিলে কন্যা সন্তান… 3

যাৰ বাবে ২১ এপ্ৰিলৰ পৰা ঝান্সী কাৰাগাৰত কাৰাবন্দী হৈ আছে ৰমাকান্তি।

আনহাতে কাৰাগাৰলৈ অহাৰ সময়তে অন্তঃসত্বা আছিল মহিলা গৰাকী।

প্ৰথমাৱস্থাত তেওঁ গৰ্ভৰ সন্তানটো নষ্ট কৰিব বিচাৰিছিল যদিও কাৰাগাৰৰ আন মহিলাৰ বুজনিত অৱশেষত সন্তানটো জন্ম দিয়াৰ সিদ্ধান্ত লয়।

পূৰ্বে এটি ৪ বছৰীয়া কন্যা সন্তানৰ মাতৃ ৰমাকান্তিয়ে শনিবাৰে ঝান্সী কাৰাগাৰৰ মহিলা হাস্পতালত জন্ম দিয়ে আন এটি কন্যা সন্তান।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঝান্সীৰ পুঞ্চ থানা এলেকাৰ বাবাই গাঁৱৰ নিৱাসী পুষ্পেন্দ্ৰ আহিৰৱাৰ (২৬)ৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল জালাউনৰ মাৰগৈ গাঁৱৰ ৰমাকান্তিয়ে।

স্নাতক উত্তীৰ্ণ ৰমাকান্তিৰ স্বামী পুষ্পেন্দ্ৰ বিএড অধ্যয়ন কৰি আছিল সেই সময়ত।

image 68
স্বামী হত্যাৰ অপৰাধত বিগত ৮ মাহ ধৰি কাৰাবন্দী ৰমাকান্তি! কাৰাগাৰৰ কুঠৰীতে জন্ম দিলে কন্যা সন্তান… 4

আনহাতে পুষ্পেন্দ্ৰই কেতিয়াবা সুৰাপান কৰি ঘৰলৈ অহাৰ সময়তে প্ৰায়ে কাজিয়া আৰম্ভ হৈছিল পতি-পত্নীৰ মাজত।

২০ এপ্ৰিলৰ নিশাও পুষ্পেন্দ্ৰই সুৰাপান কৰি অহাত ৰমাকান্তিয়ে সেইদিনা ঘৰৰ দুৱাৰ-খিৰিকি বন্ধ কৰি পুষ্পেন্দ্ৰক লাঠিৰে বেয়াকৈ প্ৰহাৰ কৰে।

যাৰ ফলত মৃত্যু ঘটে স্বামী পুষ্পেন্দ্ৰ আহিৰৱাৰৰ।

ইফালে এই হত্যাকাণ্ড সংঘটিত কৰা ৰমাকান্তিক দোষী সাব্যস্ত কৰি আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।