অসম

স্বচ্ছ সৰ্বেক্ষণ ২০২১ঃ বঙাইগাঁৱলৈ ইন’ভেশ্যন এণ্ড বেষ্ট প্ৰেক্টিচেছ বঁটা…

স্বচ্ছ ভাৰত মিছন (নগৰ)ৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ ২০২১ত ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যা শিতানত বঙাইগাঁও চহৰক ইন’ভেশ্যন এণ্ড বেষ্ট প্ৰেক্টিচেছ বঁটা কৰা হয়।

শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীত ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী আৰু অন্যান্য ৰাজ্য মন্ত্ৰী আৰু গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবে বিভিন্ন শিতানত এই বঁটা প্ৰদান কৰে। 

বঙাইগাঁওৰ উপায়ুক্ত ড০ এম.এছ লক্ষ্মী প্ৰিয়াৰ লগতে বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু বঙাইগাঁও পৌৰসভাৰ বিষয়াসকলে এই বঁটা লাভ কৰে। 

উল্লেখ্য যে, স্বচ্ছ সৰ্বেক্ষণত উত্তৰ-পূবৰ ভিতৰত স্বচ্ছ চহৰ হিচাপে তেজপুৰে প্ৰথম স্থান লাভ কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *