আৰক্ষীৰ অভিযানত জব্দ ৫ লক্ষাধিক টকাৰ ড্ৰাগছ, গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ মাফিয়া ছামচুল আলম…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

ড্ৰাগছৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত৷

অসামাজিক কাৰ্যৰ বিৰুদ্ধে অভিযানৰ ধাৰাবাহিকতা অব্যাহত থকাৰ মাজতে শনিবাৰে পুনৰ অভিযান চলিল ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে।

ছয়গাঁৱৰ গৰৈমাৰীৰ ড্ৰাগছ মাফিয়া ছামচুল আলমৰ ঘৰত চলিল আৰক্ষীৰ অভিযান।

অভিযান কালত ছয়গাঁও আৰক্ষীয়ে ৫ লক্ষাধিক টকাৰ হেৰ’ইনসহ নগদ ১৫৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

লগতে আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া ছামচুল আলমক৷

ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলে এই অভিযান৷

ধৃত ড্ৰাগছ মাফিয়া ছামচুল আলমে দীৰ্ঘ দিনৰে পৰা গৰৈমাৰী অঞ্চলত চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা৷

অৱশেষত ছয়গাঁও আৰক্ষীৰ আভিযানত ছামচুল আলমৰ ঘৰত চাবোনৰ বাকচত ভৰাই ৰখা অৱস্থাত ৫ লক্ষাধিক টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

ধৃত ড্ৰাগছ মাফিয়া ছামচুল আলমক ছয়গাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave a Comment