স্কুল-কলেজ কোনো ফেশ্বন শ্ব’ৰ স্থলী নহয়ঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। বিতৰ্কৰ সূত্ৰপাত কৰ্ণাটকত। নিৰ্বাচন আকৌ উত্তৰাখণ্ডত। তাকে লৈ প্ৰচাৰত নামিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উত্তৰাখণ্ডৰ কিচাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি হিজাব বিতৰ্কক লৈ মুখ্যমন্ত্ৰী শৰ্মা সৰৱ হৈ পৰাৰ লগতে আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছক।

স্কুল-কলেজ কোনো ফেশ্বন শ্ব’ৰ স্থলী নহয় বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় মুছলমানে যদি স্কুল-কলেজলৈ হিজাব পিন্ধি আহে, তেন্তে কাইলৈ হিন্দু, শিখ, খ্ৰিষ্টীয়ান সকলেও ধৰ্মীয় পোছাক পৰিধান কৰি শিক্ষা গ্ৰহণৰ বাবে আহিলে শিক্ষাৰ পৰিৱেশেই নাথাকিব।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এই কথা সকলোৱে মনত ৰাখিব লাগে যে মুছলমান যুৱতী সকলৰো শিক্ষাৰ অধিকাৰ আছে। তেওঁলোকো ডাক্তৰ, ইঞ্জিনিয়াৰ হ’ব লাগে। এনে পৰিপ্ৰেক্ষিতত কিয় তেওঁলোকক হিজাবৰ মাজত আৱদ্ধ কৰা হৈছে। হিজাব পিন্ধক, বাহিৰত পিন্ধক। কিন্তু কলেজত ইউনিফৰ্ম পিন্ধক। ইউনিফৰ্ম পিন্ধিলে মৰম-চেনেহে বাঢ়ে, সমানতা বৃদ্ধি পায়।’

ইয়াৰ পিছতে হিজাবৰ মাজলৈ কংগ্ৰেছক টানি আনি সমালোচনাত সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছে মুছলমান যুৱতীসকলক হিজাবৰ মাজত আৱদ্ধ কৰি ৰখাৰ অভিযোগ কৰি ড০ শৰ্মাই কয় যে এয়াই কংগ্ৰেছৰ ৰাজনীতি।

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰিশ ৰাৱটক সমালোচনা কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘হৰিশ ৰাৱটে কয় যে তেওঁ হেনো ভীষ্ম। কিন্তু মহাভাৰতৰ ভীষ্ম কৌৰৱৰ লগত আছিল যদিও মনে মনে তেওঁ সমৰ্থন কৰিছিল পাণ্ডৱক।’

তেওঁ পুনৰ কয়, ‘হৰিশ ৰাৱটে নিজে হিন্দু হৈ হিন্দু বিশ্ববিদ্যালয় স্থাপনৰ দাবী নকৰে, কৰে মুছলিম বিশ্ববিদ্যালয় স্থাপনৰ। কিন্তু আমি এনে এখন বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰো, য’ত উত্তৰাখণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি সমগ্ৰ ভাৰততে সংস্থাপন লাভ কৰিব পাৰে।’

মুঠতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মূলতঃ হিন্দু আৰু মুছলমানকে ভাষণৰ মূল বিষয় হিচাপে বাচি লোৱা পৰিলক্ষিত হল।

তেনে পৰিপ্ৰেক্ষিতত এতিয়া অসম কংগ্ৰেছৰ মুখপাত্ৰ মীৰা বৰঠাকুৰকে ধৰি বিভিন্ন জনে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াও ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

Leave a Comment