ৰাষ্ট্ৰীয়অসমীয়া

সোণৰ গাৰুত শুই সাধাৰণ যাত্ৰীৰ দৰেই কৰে ৰে’ল যাত্ৰা! ধৃত ২ ভাতৃ

দুই ভাতৃৰ সোনৰ চোৰাং সৰবৰাহৰ বিৰল পদ্ধতিয়ে হতচকিত কৰিছে সকলোকে। সোনৰ গাৰুত শুই এই দুই ভাতৃয়ে ৰেল যাত্ৰাৰ জৰিয়তে অতি সহজতে কৰি আহিছিল সোণৰ গোপন সৰবৰাহ।

শেহতীয়াকৈ পাটনাৰ ৰাজহ বিভাগে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ভাতৃদ্বয়ক। লগতে জব্দ কৰিছে গাৰুৰ ৰূপ দি চোৰাং সৰবৰাহৰ চেষ্টা চলোৱা ৬ কিলোগ্ৰাম সোণৰ বিস্কুট।

G1

দৰাচলতে দুই ভাতৃ ক্ৰমে ৰামেশ্বৰ বিন্দ আৰু ৰামধনী বিন্দে পৃথকে পৃথকে ৰেল যাত্ৰা কৰি দীৰ্ঘদিনৰ পৰা সৰবৰাহ কৰি আহিছিল সোনৰ। তেওঁলোকে সোণৰ মূৰ থোৱা গাৰু প্ৰস্তুত কৰি অতি আৰামেৰে সাধাৰণ যাত্ৰীৰ দৰে এই সৰবৰাহ চলাই আহিছিল।

কিন্তু শেহতীয়াকৈ ৰাজহ বিভাগে খবৰ লাভ কৰে যে গয়া জংচন সোণৰ চোৰাং পৰিবহণৰ মুখ্য পথ হৈ পৰিছে।

এই গোপন তথ্য লাভ কৰাৰ পিছতে ৰাজহ চোৰাংচোৱা বিভাগৰ এটা ৫ জনীয়া দল গয়া জংচনত উপস্থিত হয়।

চোৰাংচোৱা দলটোৱে হাওৰা ইন্দোৰ ছিপ্ৰা এক্সপ্ৰেছত অভিযান চলাই ৰে’লখনৰ এছ-৭ নম্বৰৰ কোচত তালাচী চলায় আৰু ৩৮ নম্বৰ বাৰ্থত শুই থকা ৰামেশ্বৰ বিন্দক সোধা-পোছা কৰে।

তাৰ পিছতে দলটোৱে ৰামেশ্বৰ বিন্দক তেওঁৰ লাগেজ দেখুৱাবলৈ কোৱাত সোণৰ গাৰু দেখি হতবাক হৈ পৰে সকলো। অভিযানকাৰী দলটোৱে ৰামেশ্বৰ বিন্দৰ পৰা ৩ কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়।

আনফালে ৰাজহ চোৰাংচোৱাৰ দলে গয়া জংচনত ৰামেশ্বৰ বিন্দৰ ভাতৃ ৰামধনী বিন্দকো হাওৰা কালকা এক্সপ্ৰেছত সোধা পোছা কৰে আৰু তালাচীৰ সময়ত ৩ কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত এই দুই ভাতৃৰ ঘৰ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত। তেওঁলোকে সোনখিনি কলকাতালৈ গোপনে সৰবৰাহৰ চেষ্টা চলাইছিল। জব্দকৃত সোনখিনিৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা হব বুলি অনুমান কৰা হৈছে।

ইফালে অভিযুক্ত ভাতৃদ্বয়ক বৰ্তমান পাটনাত ডিআৰআইৰ জিম্মাত ৰখা হৈছে আৰু অধিক তথ্যৰ বাবে সোধা-পোছা চলাই থকা হৈছে।

লগতে চাওকঃ

হাতত পিষ্টল, ওঁঠত চিগাৰেট লৈ ৰাজপথত বাইক ষ্টাণ্ট ২ বন্ধুৰ! তাৰ পাছত ঘটিল এই ঘটনা…

G2-1

Leave a Reply

Your email address will not be published. Required fields are marked *